State Bjp PressMeet:মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক বুলি কৈ বাতৰিৰ হেডলাইন হোৱাৰ লগতে ভোট বেংকৰ ৰাজনীতি কৰিছে ভূপেন বৰাই:ৰাজ্যিক বিজেপি

state bjp

State Bjp PressMeet:

বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত দিশহাৰা আৰু এঘৰীয়া হৈ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে‌ নিজকে সংবাদ শিৰোনামত ৰাখিবৰ বাবে মাজে সময়ে মুখ্যমন্ত্ৰীৰ নাম লৈ সমালোচনা কৰে। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক বুলি কৈ বাতৰিৰ হেডলাইন হোৱাৰ লগতে ভোট বেংকৰ ৰাজনীতি কৰিছে ভূপেন বৰাই ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ

আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল মাধ্যমক সম্বোধন কৰি শৰ্মাই কয় ,মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচন সামৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী প্ৰচাৰত দলৰ স্টাৰ কেম্পেইনাৰ হিচাপে প্ৰদান কৰা ভাষণত কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা নাই। বৰঞ্চ ভাৰতৰ ঐতিহ্য,গৰিমা, ইতিহাস আৰু অৰ্থনৈতিক ভবিষ্যতৰ কথাহে তেঁও সাৱলীল আৰু সুন্দৰভাৱে বৰ্ণনা কৰিছে।

মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতবৰ্ষ আৰু অমৃত কালৰ সময়ত ভাৰতবৰ্ষৰ বিকাশৰ বাবে কৰিবলগীয়া কামৰ বিষয়েহে তেওঁৰ বক্তব্যত‌ বৰ্ণনা দাঙি ধৰিছে।

সংবাদমেলত শৰ্মাই লগতে কয়, মুখ্যমন্ত্ৰীয়ে যোৱা দুদিনত তেওঁৰ ভাষণত জ্ঞানবাপী মছজিদ,মথুৰাৰ কৃষ্ণ জনমভূমি প্ৰসংগ,পি অ’কে কাশ্মীৰ আদিৰ কথা কৈছে। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে পি অ’ কে ভাৰতবৰ্ষৰ এটা অংশ। “পি অ’ কে” এই শব্দটোতেই সোমাই আছে পাকিস্তানৰ আগ্ৰাসন আৰু ভাৰতৰ প্ৰাপ্যৰ কথা বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰিছিল।ভাৰতবৰ্ষই নিজৰ ভূমি পাকিস্তানৰ পৰা কাঢ়ি আনিবই লাগিব।

কিয়নো উক্ত এলেকাত থকা লোক সকলো ভাৰতত চামিল হ’বলৈ উত্তাৱল হৈ আছে। পাক অধিকৃত কাশ্মীৰৰ কথা এনেদৰে তুলি ধৰাটো কোনো ধৰণৰ সাম্প্ৰদায়িকতা নহয় বৰঞ্চ ই বাস্তৱ সত্য আৰু ভাৰতৰ প্ৰাপ্য হে বুলি শৰ্মাই উল্লেখ কৰি লগতে কয় যে সনাতন সমাজ ব্যবস্থা আৰু ভাৰতৰ ইতিহাসৰ ওপৰত কথা কোৱাটো কেতিয়াও সাম্প্ৰদায়িকতা হ’বই নোৱাৰে।

Exit mobile version