Guwahati Birkuchi Incident:গুৱাহাটীৰ বীৰকুছিত ভয়াৱহ অঘটন

ৰে'লে মহতিয়াই নিলে চাৰি শ্ৰমিক,দুজন থিতাতে নিহত , আহত দুই

train accident

Guwahati Birkuchi Incident:

মহানগৰীৰ বীৰকুছিত শোকাৱহ ঘটনা। নামনিমুৱা দ্রুতবেগী ৰে’লে মহতিয়াই নিয়ে চাৰি শ্ৰমিকক ৷ উন্মুক্ত অৱস্থাত থকা ৰে’লৰ ক্ৰছিং পাৰ হওতেই সংঘটিত হয় ভয়ংকৰ অঘটনটো ৷ ৰে’লৰ খুন্দাত থিতাতে কৰুণ মৃত্যুক সাবটি লয় দুই শ্ৰমিকে ৷ আহত আন দুই শ্ৰমিকক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় জিএমচিএইছত ৷ নিহত শ্ৰমিকদ্বয়ৰ নাম ছাহিনুৰ ইছলাম, হাফিজুল ৰহমান ৷

উল্লেখ্য যে শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হয় নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপত ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈছে ৷

Exit mobile version