Moving Bus Caught Fire in Haryana:হাৰিয়ানাত চলন্ত বাছ অগ্নিদগ্ধ,কৰুণ মৃত্যু ৯ যাত্ৰীৰ,২৪ যাত্ৰী আহত

বাছ খনত আছিল ৬০ জন তীর্থ যাত্রী, তীর্থযাত্রীসকলে ভ্ৰমণ কৰি আহিছিল বৃন্দাবন আৰু মথুৰা

haryana 1

Moving Bus Caught Fire in Haryana:

হাৰিয়ানাত এখন চলন্ত বাছত ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ড ফলত ৯ জনকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃ্ত্যুক সাবটি হয় । এই শোকাৱহ অঘটনটি সংঘটিত হয় হাৰিয়ানাৰ নুহ জিলাত শুক্ৰবাৰে নিশা ৷ ঘটনাটিত গুৰুত্বৰভাৱে আহত হয় ২৪ জনকৈ যাত্ৰী ৷

উল্লেখ্য যে,বাছ খনত আছিল ৬০ জনকৈ যাত্ৰী ৷ সকলোৱেই আছিল তীৰ্থযাত্ৰী ৷ তীৰ্থযাত্ৰীসকলে বৃন্দাবন আৰু মথুৰা ভ্ৰমণ কৰি গৃহাভিমুখী হোৱাৰ পথত কুণ্ডলী-মানেচাৰ-পালৱাল ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে তেওঁলোকৰ বাছ খনত জুই লাগে ৷ মুহূৰ্ততে জুয়ে আগুৰি ধৰে চলন্ত বাছ খনক ৷

প্ৰাণৰ মমতাত বহুতে প্ৰাণকাতৰ আৰ্তনাদ কৰে ৷ চালকে অতি তৎপৰতাৰে পথৰ কাষত ৰখাই যদিও ইতিমধ্যে কৰুণ মৃত্যুক সাবটি হয় আঠজন যাত্ৰীয়ে ৷ আহত হয় ২৪ যাত্ৰী ৷ এই যাত্ৰীসকলৰ অধিকাংশই আছিল পঞ্জাৱৰ লুধিয়ানা,হোছিয়াৰপুৰ আৰু চণ্ডীগড়ৰ।

উল্লেখ্য যে,দুৰ্ঘটনাগ্ৰস্ত বাছ খন পথৰ কাষত ৰৈ যোৱাৰ পাছত স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ অভিযানত উবুৰি খাই পৰে ৷ আনহাতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাত বাছখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ইপিনে,অগ্নিদগ্ধ ২৪ যাত্ৰীক স্থানীয়লোকে চিকিৎসালয়ত ভৰ্তি কৰে ৷ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অগ্নিকাণ্ড সূত্ৰপাত কিদৰে দৰে হ’ল এই সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব বুলি জানিব দিয়ে আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই ৷

বাছখনৰ এগৰাকী বৰ্ষীয়ান মহিলা যাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বাছখনত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে তেওঁ জঁপিয়াই প্ৰাণ ৰক্ষা কৰে। আনহাতে বাছ খনৰ পিছফালে সংঘটিত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত বাছচালক বা কোনো যাত্ৰীয়ে গম পোৱা নাছিল ৷ মাত্ৰ এজন বাইক আৰোহীয়ে বাছ খনৰ পিছে পিছে আহি থকাত জুই দেখা পাই আৰু তেওঁ ততাতৈয়াকৈ চলন্ত অৱস্থাতে বাছচালকক চিঞৰি চিঞৰি জুই লগাৰ কথা কয় ৷ ইয়াৰ পাছতে থৰকাছুটি হেৰুৱাই বাছচালকে পথৰ কাষত বাছ খন ৰখাই ৷

Exit mobile version