Foreign Investments In India :পাঁচ বছৰত দেশত সর্বনিম্ন বৈদেশিক বিনিয়োগ !

২০২৩-২৪ বিত্তীয় বর্ষত বিদেশীয়ে কিমান ধন বিনিয়োগ কৰিলে ভাৰতত ?

dolar

Foreign Investments In India :

বিগত পাঁচ বছৰৰ পাছত ২০২৩-২৪ বিত্তীয় বর্ষত ভাৰতে লাভ কৰিলে সর্বনিম্ন প্রত্যক্ষ বৈদেশিক বিনিয়োগ। অৱশ্যে বিগত বছৰৰ তুলনাত এইবাৰ অতি সামান্য হ্রাস পালে বিদেশী বিনিয়োগৰ পৰিমাণ। ২০১৮-১৯ বিত্তীয় বর্ষত পাছত এয়ে দেশত সর্বনিম্ন হ’ল প্রত্যক্ষ বৈদেশিক বিনিয়োগ।

ভাৰতে সম্প্রতি প্রতিৰক্ষা আৰু মহাকাশৰ দৰে ক্ষেত্ৰত প্রত্যক্ষ বিদেশী বিনিয়োগৰ নীতি সলনি কৰিছে। প্রতিবেদন অনুসৰি, যোৱা বছৰত দেশৰ ইতিহাসত প্রথমবাৰলৈ প্ৰতিৰক্ষা খণ্ডত এশ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছিল কেন্দ্ৰৰ চৰকাৰে।

কিন্তু এনে পদক্ষেপৰ পাছতো বিগত পাঁচ বছৰৰ পাছত বিগত বিত্তীয় বর্ষত সর্বনিম্ন প্রত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিলে দেশে।

আনহাতে, চলিত বিত্তীয় বর্ষত কেন্দ্রীয় চৰকাৰৰ ৰাজহ ঘাটিৰ পৰিমাণ মুঠ জিডিপিৰ ৫.১ শতাংশ ৰখাৰ লক্ষ্য নির্ধাৰণ কৰিছে কেন্দ্রীয় চৰকাৰে। ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতত ৭১.৪ বিলিয়ন ডলাৰৰ প্রত্যক্ষ বৈদেশিক বিনিয়োগ সম্পন্ন হৈছিল।

ইয়াৰ পাছত ২০২৩-২৪ বিত্তীয় বর্ষত প্রত্যক্ষ বৈদেশিক বিনিয়োগ কিছু হ্রাস পাইছিল। প্রতিবেদনৰ তথ্য অনুসৰি,২০২৩-২৪ বিত্তীয় বর্ষত ইয়াৰ পূৰ্বৰ বিত্তীয় বর্ষৰ তুলনাত দেশত প্রত্যক্ষ বৈদেশিক বিনিয়োগ ০.৬ শতাংশ হ্রাস পাই ৭১ বিলিয়ন ডলাৰ হৈছিল ।

Exit mobile version