Khelmati Police Out Post:খেলমাটি আৰক্ষী চকীৰ জিম্মাত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

প্ৰতিবাদকাৰীৰ দ্বাৰা আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ, আৰক্ষীৰ বাহন ভাঙি লণ্ডভণ্ড, আহত কেইবাজনো সাংবাদিকো, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা, ভাৰপ্ৰাপ্ত বিষয়া সহ তিনি আৰক্ষীক নিলম্বন

khelmati 1

Khelmati Police Out Post

লখিমপুৰ খেলমাটি -আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাইক কৰা হ’ল নিলম্বন । আৰক্ষী চকীৰ জিম্মাত আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাইৰ উপস্থিতিত সংঘটিত হোৱা উল্লিখিত ঘটনাৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাংমাই সহ এজন কনিষ্টবল আৰু এজন গৃহৰক্ষীক নিলম্বন কৰে লখিমপুৰৰ আৰক্ষী অধীক্ষকে ৷ এই কথা এক্সত সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধান জেপি সিঙে ।

উল্লেখ্য যে ,বুধবাৰে নিশাভাগত লখিমপুৰৰ খেলমাটি আৰক্ষী চকীলৈ ম’বাইল চোৰৰ সন্দেহত আশ্বভ আলী নামৰ আচামীজনক লৈ অনা হয় ৷ কিন্ত হঠাতে অসুস্থ হৈ থানাৰ মজিয়াত বাগৰি পৰি থিতাতে মৃত্যু হয় আচামীজনৰ ৷ খেলমাটি আৰক্ষীয়ে সদৰি কৰা মতে,আশ্বভ আলী নামৰ যুৱকজন কুখ্যাত চোৰ আছিল ৷ খেলমাটি অঞ্চলত চুৰি কাৰ্য সংঘটিত এক সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।

আনহাতে,আৰক্ষী জিন্মাত আচামীটোৰ মৃত্যুৰ পিছতে বৃহস্পতিবাৰে দুপৰীয়া কে’বা শতাধিক লোকে খেলমাটি আৰক্ষী চকীৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰে এক উত্তেজনা ময় পৰিবেশৰ সৃষ্টি কৰে ৷ ইয়াৰ মাজতে একাংশ লোকে থানাৰ সন্মুখত থকা বহু কেইখন আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰি লণ্ডভণ্ড

আনহাতে শিলগুটি আঘাতত আঘাতপ্ৰাপ্ত হয় কৰ্তব্যৰত কে’বাজনো আৰক্ষী আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷ অৱশ্যে পিছত ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চিআৰপিএফ তৎপৰতাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

Exit mobile version