Maharasta Factory Fire:মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড

Maharasta Factory Fire:মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু চাৰি শ্ৰমিক,আহত ছয়

thane

Maharasta Factory Fire:

মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড ৷ ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত চাৰি শ্ৰমিক নিহত হোৱাৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় ছয় শ্ৰমিক ৷

প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে থানে জিলাৰ ডাম্বিভলীৰ এটি কাৰখানাত পুৱাতে হঠাতে বিস্ফোৰণ হয় ৷ ফলত মুহূৰ্ততে জুয়ে আগুৰি ধৰে কাৰখানাটো ৷ সেই সময়ত কৰ্মৰত হৈ থকা শ্ৰমিকৰ মাজত হুৱাদুৱা লাগে ৷

আনহাতে অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাবটি লয় চাৰি শ্ৰমিক আৰু গুৰুত্বৰভাৱে আহত হোৱা ছয় শ্ৰমিকক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় থানেৰ অসামৰিক চিকিৎসালয়ত ৷ এই অগ্নিকাণ্ডত কম-বেছি পৰিমাণে আহত হয় আন ৩০ জনকৈ লোক ৷

ইতিমধ্যে অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কে’বাঘন্টা যোৰা অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা থানেৰ আৰক্ষীয়ে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই বুলি সদৰি কৰে সংবাদ মাধ্যমক। তথাপিও সন্দেহ কৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ব পাৰে ৷

Exit mobile version