Guwahati Incident:মহানগৰীৰ গণেশগুৰিত নিশা ৰেপিড’ চালককক আক্ৰমণ নিচাসক্ত যুৱকৰ দলৰ

মাৰপিটক লৈ দিছপুৰ থানাত এজাহাৰ গুৱাহাটী বাইক-টেক্সি চালক সন্থাৰ

ganeshguri

Guwahati Incident:

মহানগৰীত নিশা হ’লেও নিচাসক্ত যুৱকৰ দলৰ অতপালিয়ে সন্ত্ৰস্ত কৰি তুলিছে সৰ্বসাধাৰণ লোকক৷ ৰাজপথত অসুৰক্ষিত অনুভৱ কৰা হৈছে পথচাৰী৷ কিয়নো পদে পদে এতিয়া ভয়-শংকা ৷ কোন সময়ত নিচাসক্ত যুৱকৰ দলে ভয়- ভাবুকিৰে মুকলিকৈ ধন দাবী কৰে ৷ এইয়া যেন এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে মহানগৰীত। দাবী কৰা অনুসৰি ধন নিদিলে শাৰিৰীকভাৱে আক্ৰমণ কৰে পথচাৰী বা যানবাহন আৰোহীক ৷

যোৱা নিশা মহানগৰীৰ গণেশগুৰিত ৰেপিড’ চালকক আক্ৰমণ কৰে নিচাসক্ত যুৱকৰ দলে ৷দাবী কৰা অনুসৰি দুশ টকা নিদিয়াৰ বাবেই ৰেপিড’ চালক দ্বীপজ্যোতি ঠাকুৰীয়াক দলবদ্ধভাৱে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ৷ এই দৃশ্য সেই স্থানত উপস্থিত থকা বহুজনৰ হাতত বন্দী হয় ৷ পিছত গুৰুত্বৰভাৱে আহত ৰেপিড’ চালকজনক নিশাই জিএমচিএইছত ভৰ্তি কৰা হয় ৷ আনহাতে দিছপুৰ আৰক্ষীক আহত ৰেপিড’ চালক দ্বীপজ্যোতি ঠাকুৰীয়াই অৱগত কৰাৰ পাছতো এই পৰ্যন্ত আটক কৰা নাই ৷ অথচ ম’বাইলত বন্দী হোৱা প্ৰহাৰ কৰা নিচাসক্ত যুৱকৰ দলৰ ফুটেজ আৰক্ষীক দিয়া হৈছিল ৷

ইপিনে, আজি গুৱাহাটী বাইক-টেক্সি চালক সন্থাৰ ফালৰ পৰাও ৰেপিড’ চালক দ্বীপজ্যোতি ঠাকুৰীয়াক নিশা নিচাসক্ত যুৱকৰ দলে আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ গুৱাহাটী বাইক-টেক্সি চালক সন্থাই নিচাসক্ত যুৱকৰ দলটোক শীৰ্ঘেই কৰায়ত্ব কৰিবলৈ দাবী জনায় ৷

Exit mobile version