Horrific Murder In Guwahati:মহানগৰীৰ জাপৰিগোগত লোমহৰ্ষক হত্যাকাণ্ড পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

ganesguri murder

Horrific Murder In Guwahati :

মহানগৰীৰ জাপৰিগোগত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পুত্ৰৰ হাত প্ৰাণ গ’ল পিতৃৰ । পিতৃ ভৰত দাসক হত্যা পুত্ৰ জোন দাসৰ ৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰক।

উল্লেখ্য যে,পাৰিবাৰিক কন্দলৰ বাবেই দেওবাৰে জাপৰিগোগ আনন্দ নগৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডটি ৷ পিতৃহন্তা জোন দাস বিমল অ’টো এজেন্সীত কৰ্মৰত হোৱাৰ বিপৰীতে মৃত পিতৃ এজন ইলেক্ট্ৰিচিয়ান ৷

আনন্দ নগৰৰ স্থানীয় লোকে অভিযোগ কৰা মতে,নিশা হ’লেও সুৰামত্ত হৈ ঘৰত অশান্তিকৰ পৰিবেশ সৃষ্টি কৰাটো ভৰত দাসৰ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷ দেওবাৰে নিশাও আন দিনৰ দৰে নিচাসক্ত হৈ ঘৰলৈ আহি ভৰত দাসে পত্নী আৰু পুত্ৰৰ ওপৰত মাৰধৰ কৰে ৷

সুৰাপায়ী পিতৃৰ দৈনন্দিন এই অত্যাচাৰ সহিব নোৱাৰি পুত্ৰ জোন দাসে এডাল ৰছীৰে পিতৃৰ ডিঙি চেপি ধৰাত অচেতন হৈ পৰে পিতৃ ভৰত দাস ৷ পিছত ততাতৈয়াকৈ জিএমচিএইছলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ভৰত দাসক ৷

আনহাতে,মৃত পিতৃৰ নশ্বৰ দেহ নিজ গাঁও গোৰেশ্বৰলৈ লৈ গৈছিল মৃতদেহ। গাঁৱৰ ঘৰৰ আত্মীয়সৰ্জনক ভৰত দাস পৰি মৃত্যু হোৱা বুলি কয় ৷ ইয়াৰ পিছতে গাঁৱতে সম্পন্ন হয় শেষকৃত্য ৷ আনহাতে শেষকৃত্য সম্পন্নৰ পাছতে ঘাতক পুত্ৰ জোন দাসে পিতৃক হত্যা কৰাৰ কথা সদৰি কৰে পৰিয়ালৰ লোকক ৷ পৰিয়ালৰ লোকে গাঁৱৰ আন লোকৰ সহযোগত ঘাতক পুত্ৰক চমজাই দিয়ে বাইহাটা থানাক ৷

বৃহস্পতিবাৰে নিশা বাইহাটা আৰক্ষীয়ে ঘাতক জোন দাসক দিছপুৰ আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে এই হত্যাকাণ্ডৰ স’তে জড়িত থাকিব পাৰে জোনৰ মাতৃ আৰু আইতাক ৷ অৱশ্যে আৰক্ষীৰ তদন্তহে সমস্ত ঘটনা পোহৰলৈ আহিব ৷

Exit mobile version