Loksabha Election 2024:নিৰ্বাচনৰ বতৰত মিঠাইক লৈয়ো ৰাজনীতি

পশ্চিমবংগত জনপ্রিয় ঘাঁহফুল, পদ্মফুল, কাঁচি-হাতুড়ী সন্দেশ

wb sweets

Loksabha Election 2024

লোকসভাৰ চলিত নির্বচনত মিঠাইক লৈয়ো আৰম্ভ হৈছে ৰাজনীতি। পশ্চিমবংগত সম্প্রতি মিঠাইৰ বজাৰত জনপ্রিয় হৈছে ভিন্ন ৰাজনৈতিক দলৰ প্রতীক সম্বলিত নানা মিক্সন্ন। বিশেষকৈ সন্দেশৰ দৰে মিঠাইৰ সাজসজ্জাত ৰাজনৈতিক দলৰ বিশেষ প্রভাৱ সম্প্রতি প্রত্যক্ষ হৈছে।

পশ্চিমবংগত মেদিনীপুৰৰ একাংশ মিঠাইৰ দোকানত দলৰ প্রতীক যেনে ঘাঁহফুল, পদ্ম ফুল, কাঁচি-হাতুড়ী, হাত আদিব চিত্র সম্বলিত মিঠাই। ঘাঁহফুল তৃণমূল কংগ্রেছৰ, পদ্মফুল বিজেপিৰ, কাঁচি- হাতুড়ী চিপিআইৰ আৰু হাত কংগ্রেছৰ প্রতীক। নির্বাচনৰ বতৰত মেদিনীপুৰ চহৰৰ পঞ্চৰচকৰ এখন মিঠাইৰ দোকানত বিক্রী হৈছে বিভিন্ন ৰাজনৈতিক দলৰ প্রতীকৰ ছাপবিশিষ্ট বিশেষ সন্দেশ।

এনে মিঠাইৰ মূল্য ১৫ টকাৰ পৰা ২০ টকাৰ ভিতৰত নির্ধাৰণ কৰা হৈছে। ইতিমধ্যে ৰাজনৈতিক দলৰ প্রতীক থকা এই মিঠাই অঞ্চলটোত জনপ্রিয় হৈছে। বিপণীৰ বিক্রেতাই স্থানীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, এইবাৰ সৰ্বাধিক বিক্রী হৈছে ঘাঁহফুল আৰু পদ্মফুলৰ ছাপযুক্ত সন্দেশ।

Exit mobile version