Mobile Blast In Hailakandi:হাইলাকান্দিত কৰুণ ঘটনা !

চাৰ্জত লগাই ম'বাইলত কথা পাতি থাকোতে প্ৰচণ্ড বিস্ফোৰণ,কৰুণ মৃত্যু কমাণ্ডো জোৱানৰ

commendo

Mobile Blast In Hailakandi:

ম’বাইল চাৰ্জত দি কথা পাতি থাকে নেকি! যদি এই অভ্যাস আছে ৷এইয়া এতিয়াই পৰিত্যাগ কৰক কিয়নো এই ধৰণৰ কাম আপোনাৰ বাবে হ’ব পাৰে বিপদজনক

ADVERTISEMENT

ম’বাইল চাৰ্জত দি কথা পাতি থাকোতেই ম’বাইল বিস্ফোৰিত হৈ কৰুণ মৃত্যুক সাবটি লয় এজন অসম আৰক্ষীৰ কমাণ্ডোৱে ৷ এই মৰ্মান্তিক ঘটনাটি সংঘটিত হয় হাইলাকান্দিত ৷

যোৱা নিশা ম’বাইলফোন চার্জত লগাই কথা পাতি থকাৰ অৱস্থাত ম’বাইল বিস্ফোৰণত কমাণ্ডো অমৰজ্যোতি টাইদৰ মৃত্যু হয় ৷

আনহাতে,কমাণ্ডো জোৱানৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। শিৱসাগৰৰ ডিমৌ লাইবিলৰ অমৰজোতি টাইডৰ মৃত্যুক সহজভাবে ল’ব পৰা নাই পৰিয়ালৰ লোক ৷

Exit mobile version