Assam Weather Today:ৰাজ্যৰ আটাইকেইখন চহৰতে আজি পাৰাস্তম্ভ হোৰাহোৰে ঊর্ধ্বমুখী হৈ ৪০ ডিগ্রী ছেলচিয়াছ স্পর্শ

hot weather

Assam Weather Today:

প্রচণ্ড গ্রীষ্ম প্রবাহত বিপর্যস্ত জনজীৱন৷ গ্রীষ্ম প্রবাহে সৃষ্টি কৰা অস্থিৰ পৰিৱেশৰ হুবহু প্রতিফলনৰে আজি অসমতো গৰমে জ্বলা-কলা কৰিলে ৰাইজক । গুৱাহাটীকে ধৰি ৰাজ্যৰ আটাইকেইখন চহৰতে আজি পাৰাস্তম্ভ হোৰাহোৰে ঊর্ধ্বমুখী হৈ ৪০ ডিগ্রী ছেলচিয়াছ স্পর্শ কৰে। বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা তথ্য মতে, আজি গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ৪০ ডিগ্রী ।

বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সদৰী কৰা তথ্য মতে, কাইলৈয়ো ৰাজ্যত প্রচণ্ড গৰমে প্রাত্যহিক জনজীৱন বিপর্যস্ত কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, অহা ২৬ মে’তো প্রচণ্ড গৰম আৰু আৰ্দ্ৰ পৰিৱেশে প্রাত্যহিক জনজীৱন বিপর্যস্ত কৰাৰ সম্ভাৱনা আছে।

আজি গুৱাহাটী মহানগৰীৰ তাপমাত্ৰা ৪০ ডিগ্ৰীৰ বিপৰীতে যোৰহাটত সৰ্বাধিক ৪১ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী ৷ একেদৰে তিনিচুকীয়াত তাপমাত্ৰা সৰ্বাধিক ৪১ ডিগ্ৰী ,ডিব্ৰুগড়ত ৪০ ডিগ্ৰী ,শিলচৰত ৩৮ ডিগ্ৰী আৰু গোৱালপাৰাত সৰ্বাধিক ৩৯ ডিগ্ৰী, নগাঁৱত সৰ্বাধিক ৪০ ডিগ্ৰী ছেলচিয়াছ ৷

Exit mobile version