Bangladesh Mp Died In kolkata:হ’নীট্রেপিঙৰ বলি হৈছিল বাংলাদেশী সাংসদ, মডেলৰ পিছ লৈ কলকাতাত হেৰুৱালে প্রাণ

bangladesh mp died

Bangladesh Mp Died In kolkata:

কলকাতাৰ এটা ফ্লেটত বাংলাদেশৰ সাংসদ অনয়াকল অজিমৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য অব্যাহত আছে। আৰক্ষীৰ তদন্তত লাভ কৰা তথ্য অনুসৰি, কলকাতাৰ নিউটাউন অঞ্চলত থকা এটা অট্টালিকাৰ ফ্লেটত পূর্ব পৰিকল্পিত অনুসৰি হত্যা কৰা হৈছিল বাংলাদেশৰ এই সাংসদজনক ৷

আৰক্ষীয়ে দাবী কৰা অনুসৰি এই হত্যাকাণ্ড দৰাচলতে হ’নীট্রেপিঙৰ স’তে জড়িত আছিল। এগৰাকী মডেলক ব্যৱহাৰ কৰি বাংলাদেশী সাংসদ আজিমক হ’নীট্রেপিঙৰ জালত কৌশলৰে আবদ্ধ কৰা হৈছিল। বাংলাদেশৰ মডেল খিলপ্তি ৰহমানৰ জৰিয়তে নিউটাউনলৈ সাংসদ আজিমক অনা হৈছিল।

মডেল খিলন্তিৰ পৰিকল্পনাতে আজিমক নিউটাউনৰ উক্ত ফ্লেটত হত্যা কৰা হৈছিল। হত্যকাণ্ডৰ পাছত মডেল খিলম্ভিয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত অমানুল্লা আমান ওৰফে সিমূল ভূঁইয়াৰ স’তে বাংলাদেশলৈ উভতি গৈছিল।

প্রাপ্ত তথ্য অনুসৰি, বাংলাদেশ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মডেল গৰাকীক গ্রেপ্তাৰ কৰিছে ৷ হত্যাৰ কাৰণ সন্দৰ্ভত সবিশেষ তথ্য আহৰণ কৰিবলৈ আৰক্ষীয়ে তদন্ত ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে।

Exit mobile version