Illegal Liquor Seized in Jalukbari:মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানত জব্দ ৫৮০ লিটাৰ চুলাই জব্দ

বাহন সহ ৮ সুৰা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

jalukbari

Illegal Liquor Seized in Jalukbari:

অবৈধ সুৰাৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে অভিযান অব্যাহত থকাৰ মাজতে জালুকবাৰীত অৰ্তকিতে অভিযান চলাই প্ৰায় ৫৮০ লিটাৰ চুলাই কঢ়িয়াই অনা ২ খন বাহন জব্দ কৰাৰ লগতে বাহন দুখনৰ লগত অহা ৬ জনক আটক কৰি অসম আবকাৰী আইনৰ ৫৩(১)(ক) ধাৰাৰ অধীনত গোচৰ ৰুজু ৷

একেদৰে সোণাপুৰ চক্ৰৰ আবকাৰী দলে মেঘালয়ত বিক্ৰীৰ বাবে প্ৰস্তুত কৰা ২৬ কাৰ্টুন বিলাতী সুৰা কঢ়িয়াই অনা আন দুখন বাহন জব্দ কৰে। এই সংক্ৰান্তত আটক কৰে আন ২ জন ব্যক্তিক ৷

Exit mobile version