West Guwahati:পশ্চিম গুৱাহাটীত ধুমুহা – বৰষুণত বিস্তৰ ক্ষতিসাধন, বিদ্যুৎ সংযোগ বিচ্ছিন্ন

west ghy

West Guwahati:

বংগোপ সাগৰত নিম্নচাপৰ বাবে ২৬ মেত সৃষ্টি হোৱা বিধ্বংসী সামুদ্ৰিক ধুমুহা ৰিমালৰ প্ৰভাৱ উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো পৰিছে। যাৰ বাবে ২৭ মেৰ দৰে আজি ২৮ মেৰ দিনাও অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেচিভাগ অঞ্চলতে কম – বেছি পৰিমাণে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হৈ থকাৰ লগতে প্ৰতি ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা- বতাহ বলিছে।

আনহাতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ আজাৰা অঞ্চলৰ লগতে দাঁতি কাষৰীয়া ৰাণী অঞ্চলতো আজি পুৱতি নিশাৰে পৰা প্ৰায় দুপৰীয়াৰ ভাগলৈ ধুমুহাৰ সতে অহা বৰষুণত জনজীৱন বিপর্যস্ত হৈ পৰে । জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত খানামুখ , লংকেশ্বৰ , গাড়ীগাঁও, আদি অঞ্চলতো কিছু কিছু লোকৰ বাসগৃহৰ ক্ষতিসাধন হয়। আনকি খানামুখ ৰাজহুৱা খেলপথাৰত আজি সন্ধিয়াৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা আছিল।

কিন্তু ধূমূহাই পেণ্ডেল ভাঙি পেলোৱাৰ ফলত কাৰ্যসূচী বাতিল কৰিব লগীয়া হয়। ইফালে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাণী অঞ্চলটো ধুমুহাই সংহাৰী ৰূপ ধাৰণ কৰে । ৰাণী অঞ্চলৰ মৈৰাপুৰ , পুৰাণ শুকুৰবৰীয়া , বেলগুৰী, নালাপাৰা , গণপতি, পাটগাঁও, জয়পুৰ , চল্লি , মেকুৰীকুচি, জয়ন্তীপুৰ, আদি গাঁৱৰ বহু ঠাইত ঘৰ-বাৰী ভাঙি পৰাৰ লগতে কেবা ঠাইতো গছ-গছনি উভালি পৰে।

ইফালে গছ উভালি পৰাৰ সমান্তৰালভাবে দুই এঠাইত গছৰ দাল পৰি বিদ্যুৎ পৰিবাহী তাৰ চিগি যোৱাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে । তেনেদৰে আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়ল, মাজিৰগাঁও , বৰঝাৰ, আজাৰা , পাটগাঁও, মাটিয়া , দীপৰ বিলৰ কাষৰীয়া চকৰদৌ আদি অঞ্চলতো ধুমুহাৰ ফলত বহু লোকৰ ঘৰৰ ওপৰত তামোল বা আন গছ – গছনি উভালি পৰি ক্ষতি সাধন হয়। সোভাগ্যক্ৰমে ধুমুহাৰ ফলত কোনো লোকৰ হানি – বিঘিনী নহল ।

ইফালে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পলাশবাৰী আৰু আজাৰা দুয়োটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক তৎকালে ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি ক্ষয় – ক্ষতিৰ বুজ লোৱাৰ লগতে প্ৰশাসনৰ ফালৰ পৰা ভুক্তভোগী লোকক সহায়ৰ হাত আগবঢ়াবলৈ নিৰ্দেশ দিছে। তেনেদৰে আজাৰা আৰু পলাশবাৰী ৰাজহ চক্ৰৰ এলেকাৰ অগপ দলৰ আটাইকেইখন আঞ্চলিক কমিটিৰ সকলো কৰ্মী – কৰ্মৰ্কতা সকলকো ক্ষতিগ্ৰস্ত লোকক সাধ্যানুসৰি সহায় কৰিবলৈ আহ্বান জনাইছে।

জানিব পৰা মতে বতৰ ঠিকে – থাকে থাকিলে বিধায়ক কলিতাই কাইলৈ চক্ৰ বিষয়াক লগত লৈ ধুমুহাত ক্ষতিগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰাৰ কথা আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ৩১ মাৰ্চতো সন্ধিয়াৰ প্ৰাক ক্ষণত হঠাতে অহা এজাক বিধ্বংসী ধুমুহাই বৃহত্তৰ ৰাণী অঞ্চলৰ তিনি শতাধিক লোকৰ ঘৰ – দুৱাৰৰ কম – বেছি পৰিমাণে ক্ষতি সাধন কৰিছিল।

Exit mobile version