AAp Assam Press Release:পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰৰ

ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ অসম

bhaben choudhari

AAp Assam Press Release:

ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাবে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ২৮ মে’ত পুনৰ ১০০০ কোটি টকাৰ ঋণ লৈছে ।

ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ 8 এপ্ৰিলত এহাজাৰ কোটি আৰু 30 এপ্ৰিলত এহাজাৰ কোটি টকাৰ ঋণ লৈছিল। এতিয়া ২৮ মে’ত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লৈছে । প্ৰতি মাহে এনেদৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত অসমৰ ঋণৰ বোজাই ১ লাখ ৫৩ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। চৰকাৰৰ এই পৰিকল্পনা বিহীন অৰ্থনৈতিক নীতিয়ে ৰাজ্যবাসীক সংকটৰ মুখলৈ ঠেলি দিছে । শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰে ঋণ লৈ চৰকাৰ চলোৱা নীতিৰ বিৰুদ্ধে এইদৰে মত ব্যক্ত কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।

আপৰ ৰাজ্যিক সভাপতি গৰাকীৰ মতে, মাহে মাহে চৰকাৰখনে লোৱা ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় কৰা হোৱা নাই। মাথোঁ হিতাধিকাৰী সৃষ্টিৰ বাবে আঁচনিৰ নামতে চৰকাৰখনে ঋণৰ ধন ব্যয় কৰি আহিছে । এইদৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আঁচনি ৰূপায়ন কৰাৰ নামত পুঁজিৰ ওপৰত লুণ্ঠন চলাইছে হাত দীঘল মহলে।” ডাঃ ভবেন চৌধুৰীৰ অভিযোগ, বৰ্তমান ৰাজ্য চৰকাৰে ঋণ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

২০০১ৰ পৰা ২০১৬ চনলৈকে শাসনত থকা প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আমোলত অসমৰ ঋণৰ পৰিমাণ আছিল মুঠ 41,964 কোটি টকা । আনহাতে, 2016 চনত শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকাল অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈ বিজেপি চৰকাৰে ঋণ লৈছিল ৬৬,০২০.৬৫ কোটি টকাৰ। সোণোৱাল চৰকাৰে বছৰি গড়ে ১৩,২০৪.১৩ কোটি টকাৰ ঋণ লৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । যাৰ ফলত এতিয়া প্ৰতি মাহেই ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

২০২১ চনৰ পৰা ২০২৩ চনলৈকে দুটা বিত্তীয় বৰ্ষতে ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণৰ পৰিমাণ হ’লগৈ ৪৩,০৫০.৫৭ কোটি টকা। বৰ্তমানৰ চৰকাৰে বছৰি গড়ে ২১,৫০২৫.২৮৫ কোটি টকাৰ ঋণ লৈ ঋণত পোত যোৱা পূৰ্বৰ চৰকাৰৰ ৰেকৰ্ড ভংগ কৰে।  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে অদূৰদৰ্শী নীতি সন্দৰ্ভত ডাঃ ভবেন চৌধুৰীৰ প্ৰশ্ন, মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱা চৰকাৰে ধাৰ পৰিশোধ কৰিব কেতিয়া? ঋণৰ ধন কোনো উৎপাদনমুখী আঁচনিত ব্যয় নকৰি মাথোঁ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী সৃষ্টিৰ নামত ব্যয় কৰাৰ ফলতে বৰ্তমানলৈকে চৰকাৰে ঋণ পৰিশোধ কৰিব পৰা নাই।

আনহাতে, নিজ ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত কিছুদিন ধৰি বহিঃৰাজ্যত দলীয় কামত ব্যস্ত হৈ পৰিছে। ৰাজ্যবাসীক অৰ্থনৈতিক দুৰ্দশাৰ মাজত সংকটত পেলাই থৈ উৰিষ্যা, তেলেংগানা, বিহাৰ, ঝাৰখণ্ড, দিল্লী, পঞ্জাবত গৈ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ফটা ঢোল কোবাইছে।

অসমত আন্তঃগাঁথনি নিৰ্মানৰ নামত বিজেপি চৰকাৰে বৃহৎ পৰিমাণৰ ঋণ লৈছে, কিন্তু তাৰ কিমান সদব্যৱহাৰ কৰিলে সেই তথ্য অৱগত কৰোৱা নাই । আনহাতে এই কথা মনত ৰখা উচিত যে মাথোঁ চহৰে – নগৰে উৰণীয়া সেতু নিৰ্মাণ কৰা মানেই ৰাজ্যৰ অৰ্থনৈতিক বিকাশ নহয়।  আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৃষ্টতা পৰিহাৰ কৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত উৎপাদনমুখী আৰ্থিক নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে যিদৰে সকলো নাগৰিকৰ বাবেই চৰকাৰী উন্নয়নমূলক আঁচনি উপলব্ধ কৰিছে, সকলো স্তৰৰ নাগৰিকেই চৰকাৰী আঁচনিৰ দ্বাৰা সমানে উপকৃত হৈছে তেনেদৰে অসমতো জনমুখী আঁচনি গ্ৰহণ কৰিবলৈ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে আহ্বান জনায়।

Exit mobile version