Food Poison In South Kamrup:ৰাজ্যত পুনৰ বুটমাহত বিষক্ৰিয়াৰ ঘটনা

দক্ষিণ কামৰূপৰ সৰাপাৰাত বুটমাহ খাই বিষক্ৰিয়া হৈ মৃত্যু কণমানিৰ,সত্তৰ গৰাকী চিকিৎসাধীন

azara 1

Food Poison In South Kamrup:

পুনৰ ৰাজ্যত বুটমাহত বিষক্ৰিয়াৰ ঘটনা । এইবাৰ এই ঘটনা দক্ষিণ কামৰূপৰ সানপাৰাৰ । বুটমাহ খাই  বিষক্ৰিয়া হৈ প্ৰায় সত্তৰ গৰাকী লোক চিকিৎসাধীন হ’ব লগা ঘটনা সংঘটিত হ’ল দক্ষিণ কামৰূপৰ সানপাৰাস্থিত সাউদপাৰাত।

জানিব পৰা মতে যোৱা মঙলবাৰে সানপাৰা গাৱৰ অনাৰ্থ আশ্ৰম শিৱ মন্দিৰত ৰাইজে আয়োজন কৰা জেঠ মহীয়া নামত প্ৰসাদ খোৱাৰ পিছতেই বহু লোক অসুস্থ হৈ পৰে। জেঠ মহীয়া নামৰ বুটমাহ গ্ৰহণ কৰি কালি ৰাতিপুৱাৰ পৰাই শৌচ-বমি কৰিবলৈ ধৰাত চিকিৎসাৰ ব্যৱস্থা কৰিব লগা হয়।

আনহাতে,আজাৰা প্ৰাথমিক চিকিৎসালয়তো ৬০ জন লোক চিকিৎসাধীন হৈ আছে। তাৰে ভিতৰত কিছু ৰোগীক জিএমচিএইছলৈ প্ৰেৰণ কৰে । আনহাতে আজাৰা প্ৰাথমিক চিকিৎসালয়ৰ পৰা কন্যা শিশুএটিক সংকটজনক অৱস্থাত জিএমচিএইছলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে মিৰ্জাৰ কামৰূপ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী কিষ্টিলিনা দাস ৷

ৰাইজে ধাৰণা কৰা মতে, প্ৰসাদৰ বুটমাহৰ পৰাই বিষক্ৰিয়া হৈছে। সানপাৰাস্থিত উক্ত এলেকাত প্ৰায় ১৩০ টা পৰিয়ালে বাস কৰে।

 

Exit mobile version