Mumbai Taj Hotel:মুম্বাইৰ তাজ হোটেলত গৰাকীহীন কুকুৰৰ সুখনিদ্রা !

aj hotel

Mumbai Taj Hotel:

মুম্বাইৰ বিখ্যাত তাজ হোটেলৰ প্রবেশদ্বাৰত এটা গৰাকী হীন কুকুৰে নিশ্চিন্ত মনৰে নিদ্রা গ্রহণ কৰিছে। পথত বিচৰণ কৰা কুকুৰে উচ্চ নিৰাপত্তাবেষ্টিত। হোটেলখনত এইদৰে বাহৰ পতা এক ভিডিঅ’ অলপতে সামাজিক মাধ্যমত এজন ব্যক্তিয়ে আপলোড কৰিছে। তাৰ পাছতে তাজ চৌহদত কেনেকৈ গৰাকীহীন কুকুৰে প্রবেশ কৰিব পাৰিলে বুলি একাংশ সামাজিক মাধ্যম ব্যবহাৰকাৰীয়ে প্রশ্ন উত্থাপন কৰিছে।

এই বিষয়ত কবি খান নামৰ এগৰাকী মহিলাই তাজৰ কৰ্মচাৰীক প্রশ্নকৰাত জানিব পাৰে যে উক্ত গৰাকীহীন কুকুৰটো জন্মৰে পৰা তাজৰ স’তে জড়িত। দৰাচলতে তাজৰ স্বত্বাধিকাৰী ৰতন টাটা এজন জীৱ-জন্তুপ্রেমী ব্যক্তি আৰু তেওঁ কুকুৰৰ সংগ বৰ ভাল পায়া। তাজৰ চৌহদত গৰাকীহীন কুকুৰে প্ৰৱেশ কৰিলে সেই কুকুৰক ভালদৰে আপায়ন বৰিবলৈ টাটাই হোটেলৰ কৰ্মচাৰীসকলক নির্দেশ দি থৈছে।

সেয়েহে উক্ত কুকুৰটোক তাজ চৌহদত বিচৰণৰ ক্ষেত্ৰত কোনো কর্মীয়ে কেতিয়াও বাধা দিয়া নাই। টাটাৰ এনে চিন্তা-ধাৰাক সামাজিক মাধ্যম ব্যবহাৰকাৰীয়ে বিশেষভাবে প্রশংসা কৰিছে।

Exit mobile version