OC of the Police Station Cannot be a Sub- Inspector: DGP Office:অসম আৰক্ষী হেড কোৱাৰ্টাৰৰ পদক্ষেপ

উপ- পৰিদৰ্শক হ'ব নোৱাৰিব থানাৰ অ'চি, এতিয়াৰ পৰা হ'ব থানাৰ অ'চি কাৰ্যনিৰ্বাহ কৰিব পৰিদৰ্শকে, বৰ্তমান থানাত অ'চি ৰূপে নিয়োজিত হৈ থকা উপ-পৰিদৰ্শকৰ তথ্য এছ পিৰ পৰা বিচাৰিলে ডিজিপি কাৰ্যালয়ে

aphq

OC of the Police Station Cannot be a Sub- Inspector: DGP Office:

ৰাজ্যৰ আৰক্ষী থানাত অ’চি ৰূপে নিয়োজিত হৈ থকা উপ-পৰিদৰ্শকৰ তালিকা অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰে বিচাৰিলে আৰক্ষী অধীক্ষক সকলৰ পৰা ৷

উল্লেখ্য যে,আৰক্ষী হেড কোৱাৰ্টাৰে জাৰি কৰা এক নিৰ্দেশনাত আৰক্ষী থানাত এতিয়াৰ পৰা অ’চি ৰূপে উপ- পৰিদৰ্শক নিয়োজিত হ’ব নোৱাৰিব ৷ সকলো থানাত এতিয়াৰ পৰা অ’চি হিচাপে নিযুক্ত কৰা হ’ব ইন্সপেক্টৰক ৷

ইতিমধ্যে অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰে সকলো আৰক্ষী অধীক্ষকলৈ এই সম্পৰ্কীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে,বৰ্তমান ৰাজ্যৰ ৭০ আৰক্ষী থানাত অ’চি ৰূপে নিয়োজিত হৈ আছে উপ- পৰিদৰ্শকে

মনকৰিবলগীয়া যে,সংশ্লিষ্ট থানা সমূহত দিনক দিনে গোচৰৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ডিজিটেল ক্ৰাইমৰো সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিপি কাৰ্যালয়ে শেহতীয়াকৈ থানাৰ সমূহৰ দায়িত্ব পৰিদৰ্শকক দিয়াৰ পদক্ষেপ লৈছে ৷

Exit mobile version