Stole the Gold Chain:মহানগৰীত পুনৰ চিলনী চোৰৰ হাতোৰা

আদাবাৰীত বাহন আগচি দুৰ্বৃত্তই মহিলাৰ পৰা থপিয়াই নিলে সোণৰ চেইন

theft 2

Stole the Gold Chain:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি চিলনী চোৰে চলাই গৈছে ইটোৰ পাছত সিটোকৈ চেইন থপিওৱা ঘটনা ৷ তথাপিও চেইন চোৰৰ গেংক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী ৷

বুধবাৰে নিশা পুনৰ সংঘটিত হয় আন এক সোনৰ চেইন কাঢ়ি নিয়াৰ ঘটনা ৷ মহানগৰীৰ আদাবাৰীত নিশা
চাৰিচকীয়া বাহন আগচি ধৰি মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন। চাৰি চকীয়া বাহনখনত আছিল নজৰুল ইছলাম আৰু তেওঁৰ পত্নী নেইনা বেগম। তেওঁলোক গৌৰীপুৰৰ পৰা আহি আছিল গুৱাহাটীলৈ।

উল্লেখ্য যে,দুই বাইক আৰোহী দুৰ্বৃত্তই দম্পতীহালৰ বাহন খন আগচি ধৰাৰ পিছত আন এখন বাইকো সেই স্থানত উপস্থিত হৈ তেওঁৰ নানান গালি- গালাজ কৰি সুযোগ বুজি কাঢ়ি নিয়ে সোনৰ চেইন ৷

আনহাতে,ঘটনা সংঘটিত কৰি পলায়ন কৰে চাৰি দুৰ্বৃত্ত। নিশাই ভুক্তভোগী দম্পতীহালে ঘটনা সন্দৰ্ভত
জালুকবাৰী থানাত দাখিল কৰে এজাহাৰ

Exit mobile version