Attempted Murder of Young Girl in Guwahati:মহানগৰীৰ ফ্লেটত চাঞ্চল্যকৰ ঘটনা !

যুৱকৰ দ্বাৰা ছুৰিৰে হানি-খুঁচি হত্যা কৰাৰ চেষ্টা এগৰাকী যুৱতীক, বেলতলা ছাৰ্ভেৰ আস্থা এপাৰ্টমেণ্ট সংঘটিত এই ঘটনা

murder 2

Attempted Murder of Young Girl in Guwahati:

মহানগৰীৰ ফ্লেটত লোমহৰ্ষক কাণ্ড ৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই এগৰাকী যুৱতীক উপযুপৰি চুৰিকাঘাত যুৱকৰ ৷

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে নিশা মহানগৰীৰ বেলতলাৰ আস্থা এপাৰ্টমেণ্টত তৃতীয় মহলাত ৷ অমিত ভৌমিক নামৰ যুৱকজনে যুৱতী গৰাকীক হত্যাৰ চেষ্টা চলায় ৷ যুৱকৰ চুৰিকাঘাতত তেজেৰে তুমৰলি হৈ পৰা যুৱতী গৰাকীক নিশাই ভৰ্তি কৰা হয় জি এন আৰ চিত ৷

যুৱতী গৰাকীৰ মাতৃৰ অভিযোগ যে, প্ৰেমৰ প্ৰস্তাৱ আৰু নৈশ যাপনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই তেওঁৰ জীয়ৰীক হত্যাৰ চেষ্টা চলাই অমিত ভৌমিকে৷ আনকি যুৱকজনে তেওঁৰ কনিষ্ঠ জীয়ৰীকো প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল ৷

উল্লেখ্য যে,গোৱালপাৰাৰ যুৱতীগৰাকী কৰ্মসুত্ৰে মহানগৰীৰ বেলতলাৰ ছাৰ্ভেৰ আস্থা এপাৰ্টমেণ্ট ভাড়া কৰি আছিল ৷ তেওঁ কৰ্মৰত হৈ আছিল বিৰুবাৰীস্থ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৷ অমিত ভৌমিক তেওঁৰ সহকৰ্মী আছিল। সেই সূত্ৰে বিভিন্ন সময়ত যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যদিও প্ৰতিবাৰে প্ৰত্যাখ্যান কৰিছিল ৷ আনকি এই সন্দৰ্ভত যুৱতী গৰাকীৰ মাতৃ- ভগ্নীক অৱগত কৰাৰ দুয়োয়ে অমিত ভৌমিকক সৰ্তক কৰি দিছিল ৷ ইয়াতে ক্ষুন্ন হৈ যুৱতী গৰাকীৰ মাতৃ আৰু দিল্লীত অধ্যয়নৰত ভগ্নীক অমিতে ওলোতাই ভাবুকি দিছিল ৷

আনহাতে ,ভুক্তভোগী যুৱতী গৰাকীয়ে তেওঁক আৰু মাতৃ- ভগ্নীক অমিতে ভাবুকি দি অহা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছিল এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো সময়োচিত ব্যৱস্থা নোলোৱাৰ ফলস্বৰূপে বৃহস্পতিবাৰে নিশা যুৱতী গৰাকীৰ ফ্লেটত উপস্থিত হৈ অমিতে ছিৰিতে আক্ৰমণ কৰে চোকা জাতীয় অস্ত্ৰৰে ৷

স্মতৰ্ৱ্য যে,যুৱতী গৰাকীৰ মাতৃয়ে জানিব দিয়া মতে,তেওঁৰ জীয়ৰীৰ কাৰ্যালয়ৰ সহকৰ্মী হোৱাৰ সূত্ৰে মাজে সময়ে তেওঁলোকৰ ফ্লেটলৈ আহিছিল অমিত ভৌমিক৷ শেহতীয়াকৈ তেওঁৰ চালচলন ভাল নেদেখি যুৱতী গৰাকীয়ে ফ্লেটৰ নিৰাপত্তাৰক্ষীক অমিতৰ ফটো দেখুৱাই এপাৰ্টমেণ্ট চৌহদলৈ অহাত বাধাৰোপ কৰিবলৈ নিৰাপত্তাৰক্ষীক অনুৰোধ কৰিছিল ৷ আনহাতে বৃহস্পতিবাৰে ঘটনা সংঘটিত কৰাৰ সময়ত যুৱতী গৰাকীৰ মাতৃ নাছিল ফ্লেটটোত ৷ অৱশ্যে মাতৃৰ পৰামৰ্শ অনুসৰি এজন বন্ধু লগত আছিল ৷

আনহাতে যুৱতী গৰাকীৰ মাতৃ- ভগ্নী নথকাৰ সুযোগ গ্ৰহণ কৰি বৃহস্পতিবাৰে নিশা অমিত ফ্লেটটোত উপস্থিত হৈ যুৱতী গৰাকীকে চুৰিৰে শৰীৰৰ বিভিন্নস্থানত আঘাত কৰে ৷ যুৱতী গৰাকীৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাৰ তেওঁৰ বন্ধু এজনকো চুৰিৰে হানে ৷ ফলত যুৱকজনো আঘাতপ্ৰাপ্ত হয়।

সম্প্ৰতি গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকী চিকিৎসাধীন হৈ আছে চুপাৰ মাকেটৰ জি এন আৰ চিত ৷ ইতিমধ্যে যুৱতী গৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ আনহাতে আক্ৰমণকাৰী অমিত ভৌমিক পলাতক অৱস্থাত আছে।

এই খিনিতে প্ৰশ্ন হয়,ঘটনা সংঘটিতৰ পূৰ্বে ভুক্তভোগী যুৱতী গৰাকীয়ে এজাহাৰ দিয়াৰ পাছতো অমিত ভৌমিকৰ ওপৰত কিয় ব্যৱস্থা নল’লে আৰক্ষীয়ে ৷ নে ঘটনা সংঘটিত হোৱালৈ চাই আছিল নেকি দিছপুৰ আৰক্ষী ৷ একেদৰে যুৱতী গৰাকী থকা এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীক চৌহদত যুৱক জনক অহাত বাধাৰোপ কৰিবলৈ যুৱতী গৰাকীয়ে অমিত ভৌমিকৰ ফটো দেখুৱাই অনুৰোধ কৰাৰ পিছতো বৃহস্পতিবাৰে কেনেকৈ বিনাদ্বিধাই ফ্লেটত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল ভৌমিক ৷

এই সমস্ত ঘটনা সন্দৰ্ভত মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ মুৰব্বী আৰক্ষী আয়ুক্ত কি ব্যৱস্থা ল’বনে ৷ নে এনেদৰেই নিৰাপত্তাহীনতাত ভূগিবলগীয়া হ’ব মহানাগৰিক ৷

Exit mobile version