Donald Trump Has Been Convicted of 34 Counts:৩৪ টা গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প

কাৰাৰুদ্ধ হোৱাৰ পথত ভূতপূৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প,পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে ট্ৰাম্পৰ বিৰুদ্ধে যৌন সম্পৰ্ক কৰাৰ অভিযোগ আনিছিল

donald tump

Donald Trump Has Been Convicted of 34 Counts:

কাৰাৰুদ্ধ হোৱাৰ পথত ভূতপূৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ প্ৰায় ৩৪ গোচৰত বৃহস্পতিবাৰে দেশখনৰ এখন আদালতে দোষী সাব্যস্ত কৰে ট্ৰাম্পক ৷ অৱশ্যে আদালতে শাস্তি ঘোষণা কৰিব ১১ জুলাইত ৷

উল্লেখ্য যে, সততে বিৰ্তকত থকা ৰিপাব্লিকান পাৰ্টীৰ নেতাগৰাকী ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়তে পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে তেওঁক উৎকোচ দিয়াৰ অভিযোগ উদ্থাপিত কৰাৰ লগতে যৌন আতিশয্য চলোৱাৰ বিস্ফোৰক অভিযোগ আনিছিল। নিৰ্বাচনত যাতে কোনো বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে মুখ বন্ধ কৰিবলৈ বৃহৎ পৰিমাণৰ উৎকোচ ডেনিয়েলছক দিছিল ট্ৰাম্পে ৷

ডেনিয়েলছৰ গোচৰ সহ আন ৩৪ টা গোচৰৰ শুনানি গ্ৰহণ কৰাৰ অন্তত বৃহস্পতিবাৰে সংশ্লিষ্ট আদালতে দোষী সাব্যস্ত কৰাৰ পিছত আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্প নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিবনে নাই সেয়া নিৰ্ভয় কৰিব ১১জুলাইত আদালতে কি শাস্তি প্ৰদান কৰে আদালতে ৷

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি,বৃহস্পতিবাৰে নিউয়ৰ্কৰ এখন আদালতৰ ১২জনীয়া জুৰীৰ বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে ট্ৰাম্পৰ বিৰুদ্ধে দোষী সাব্যস্তৰ ৰায় প্ৰদান কৰে ৷ আদালতৰ জুৰীৰ অন্যতম সদস্য ন্যায়াধীশ হুয়ান মেচাৰ্নে সদৰি কৰা মতে এঘাৰ জুলাইত ট্ৰাম্পৰ শাস্তিৰ ঘোষণা কৰিব ৷

আনহাতে,নিউয়ৰ্কৰ এই আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে কয়, মই নিদোৰ্ষী ৷ মোৰ বিৰুদ্ধে যি ৰায়েই নিদিয়ক কিয় ইয়াৰ বিৰুদ্ধে মই শীৰ্ষ আদালতত আপিল কৰিম ৷ মোৰ আশা মই দোষমুক্ত হ’ম ৷

উল্লেখযোগ্য, বৃহস্পতিবাৰে নিউয়ৰ্কৰ সংশ্লিষ্ট আদালত খনে এঘাৰ জুলাইত ট্ৰাম্পৰ শাস্তি ঘোষণা কৰাৰ তিনিদিনৰ পিছতে অৰ্থাৎ ১৫ জুলাইত ৰিপাব্লিকান দলে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰিব ৷ আনহাতে ট্ৰাম্পে দলীয় প্ৰাৰ্থী হ’বৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল।

কিন্ত নিউয়ৰ্ক আদালতৰ ৰায়দানে ট্ৰাম্পৰ আশাত যেন চেঁচাপানীহে পেলালে ৷ এনে প্ৰেক্ষাপটত এঘাৰ জুলাইত শাস্তি ঘোষণাৰ ফলস্বৰূপে ট্ৰামৰ জে’ল হ’ব পাৰে চাৰিবছৰ ৷ ইয়াৰ লগে লগে ৰাষ্ট্ৰপতি দৌৰৰ পৰা আঁতৰিব লাগিব প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মাৰ্কিন ধনকুবেৰ গৰাকী ৷

Exit mobile version