Landslides in the Guwahati Again:মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা

চানমাৰিৰ ৰুদ্ৰ নগৰত গৃহস্থ শুই থকা অৱস্থাতে খহিল এটা বাসগৃহ, কথমপি প্ৰাণৰক্ষা বাসগৃহটোৰ আবাসী

lanslide main

Landslides in the Guwahati Again:

মহানগৰ প্ৰশাসনৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে পাহাৰৰ বাসগৃসমূহ ৷ মহানগৰীৰ পাহাৰে পাহাৰে যেন এতিয়া বিপদ ঘণ্টা ৷ মুষলধাৰ বৰষুণ দিলেই পাহাৰত ভূমিস্খলন হোৱাটো যেন এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

কেইদিনমান পূৰ্বে লালগণেশত নিৰ্মীয়মাণ গাৰ্ডৱাল এটা বাসগৃহৰ ওপৰত খহি কৰুণ মৃত্যুক সাবটি লৈছিল এগৰাকী কন্যা শিশু সহ এটি ঘৰচীয়া কুকুৰ ৷ এই শোকাৱহ ঘটনা মাৰ নৌযাওঁতেই চানমাৰিৰ ৰুদ্ৰ নগৰত পুনৰ সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷

চানমাৰিৰ ৰুদ্ৰনগৰত গৃহস্থ শুই থকা অৱস্থাতে খহিল এটা বাসগৃহ এটা অংশ ৷ প্ৰৱল বৃষ্টিপাতৰ ফলতেই পাহাৰৰ মাটি ঘৰটোৰ ওপৰত পৰাত সংঘটিত হয় এই ঘটনা । অৱশ্যে কথমপি ৰক্ষা পৰে ঘৰটোৰ লোকসকল ৷ নিশা সংঘটিত ঘটনাক লৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ আৱাসীসকল।

আনহাতে, মহানগৰীৰ পাহাৰ সমূহত নেৰানেপেৰা বৰষুণৰ ফলত হ’ব পৰা ভূমিস্খলন প্ৰৱন অঞ্চল সমূহৰ চিনাক্তকৰণৰ বাবে তৎপৰ হৈছে মহানগৰ প্ৰশাসন। সম্ভাব্য বিপদৰ পূৰ্বে উল্লিখিত অঞ্চলৰ আবাসী সকলক নিৰাপদস্থানত সংস্থাপিত কৰাটো কামনা কৰিছে সচেতন মহলে ৷

Exit mobile version