Saudi Arabia Expels Six Iranian Journalists Ahead of Hajj:
ইৰানে সদৰী কৰা অনুসৰি, ছৌডি আৰবে হজলৈ যোৱা ইৰানৰ ছজন সাংবাদিকক দেশখনৰ পৰা বহিষ্কাৰ কৰিলে। এই ছয় সাংবাদিকে ইৰানৰ চৰকাৰী টেলিভিছন চেনেলৰ হৈ হজৰ বাতৰি পৰিবেশন কৰিলে ছৌডি আৰবত উপস্থিত হৈছিল।
ADVERTISEMENT
হজৰ পূৰ্বে প্ৰায় এসপ্তাহ ধৰি ইৰানী সাংবাদিক কেইজনক ছৌডি আৰবে আৰক্ষীৰ জিম্মাত ৰাখিছিল আৰু ইয়াৰ পাছত তেওঁলোকক দেশখনৰ পৰা বহিষ্কাৰ কৰে। ছৌডি আৰবে দাবী কৰা অনুসৰি ইৰানত সাংবাদিককেইজনে ছৌডি আৰবৰ ভিছা আইন উলংঘনৰে কৰ্মৰত হৈছিল।
এই ঘটনাৰ ফলত ইৰানৰ স’তে ছৌডি আৰবৰ সংঘাত পুনৰ বৃদ্ধি পালে। স্মৰ্তব্য যে চীনৰ মধ্যস্থতাত ৰিয়াদ আৰু তেহৰানৰ মাজত বুজাবুজি সম্পন্ন হোৱাৰ এবছৰ পাছতে হজৰ সময়তে আকৌ এবাৰ ইৰান-ছৌডি আৰব সংঘাতত লিপ্ত হ’ল।