Counting of votes in Arunachal and Sikkim Assembly Polls on Sunday:দেওবাৰে উত্তৰ- পূৰ্বৰ দুই পাৰ্বত্য ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

arunachal

Counting of votes in Arunachal and Sikkim Assembly Polls on Sunday:

উত্তৰ-পূৰ্বাঞ্চলৰ দুই পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোট গণনা দেওবাৰে হ’ব ৷ দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব দুই জনত ৷

উল্লেখ্য যে,দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল ১৯ এপ্ৰিলত ৷সেই অনুসৰি দুই ৰাজ্যত বিধানসভাৰ ভোট গণনা দুই জুনত হোৱাৰ বিপৰীতে লোকসভাৰ ভোট গণনা হ’ব চাৰি জুনত ৷ দেওবাৰে আৰু চাৰিজুনৰ দুয়োদিনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্য দুখনৰ মুখ্য নিৰ্বাচনী বিষয়াই ৷

চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্য খনৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ে ২৪ টা ভোট গণনা কেন্দ্ৰ সাজু কৰি তোলাৰ সমান্তৰালভাৱে ভোট গণনাৰ বাবে দুহেজাৰৰো অধিক গণনাকাৰী বিষয়া সাজু কৰিছে ৷ আনহাতে ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি দুই আৰু চাৰিজুনত ৰাজ্য খনত ড্ৰাই ডে ঘোষণা কৰাৰ লগতে ভোট গণনা কেন্দ্ৰৰ আশেপাশে জাৰি কৰা হৈছে ১৪৪ ধাৰা।

মনকৰিবলগীয়া যে,৬০ জনীয়া অৰুণাচল বিধানসভাত ইতিপূৰ্বেই বিনা প্ৰতিদ্বন্দ্ব্বীতাৰে নিৰ্বাচিত হৈছে ১০ গৰাকী বিজেপি প্ৰাৰ্থী৷ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু নিৰ্বাচিত হৈছিল বিনা প্ৰতিদ্বন্দ্ব্বীতাৰে ৷

আনহাতে ৩২জনীয়া ছিকিম বিধানসভা নিৰ্বাচনৰো ভোট গণনা হ’ব দেওবাৰে ৷ ৰাজ্য বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব দুই জুনত ৷ পুৱা ছয় বজাৰ পৰা পোষ্টেল বেলটৰ গণনা হোৱাৰ বিপৰীতে ৬-৩০ বজাত আৰম্ভ হ’ব ইভিএম মেচিনৰ ভোট গণনা ৷ ইতিমধ্যে ৰাজ্য খনৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ তত্ত্বাৱধানত সকলো বোৰ দিশ সাজু কৰি তুলিছে সংশ্লিষ্ট জিলা প্ৰশাসনে ৷ আনহাতে ৰাজ্য খনৰ লোকসভাৰ ভোট গণনা হ’ব চাৰি জুনত ৷

Exit mobile version