TET Teacher Arrested for Sexually Assaulting Child:শিশুক যৌন নিৰ্যাতন চলোৱা টেট শিক্ষক আৰক্ষী জালত

tet teacher

TET Teacher Arrested for Sexually Assaulting Child:

গুৰু- শিষ্যৰ পবিত্ৰ সম্পৰ্কক পুনৰ কালিমা সানিলে এজন লম্পট শিক্ষকে ৷  শিক্ষকৰূপী লম্পটৰ কামনাৰ বলী হ’ল এগৰাকী নবছৰীয়া ছাত্ৰী। এই জঘন্য ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুটত ২৬ মে’ত ৷

টেট শিক্ষক গৌতম নাথ নামৰ লম্পটজনে এগৰাকী নবছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছিল ৷ এই ঘটনা কেইদিনমানৰ পূৰ্বে সংঘটিত হৈছিল যদিও পোহৰলৈ আহে শুক্ৰবাৰে ৷ ইয়াৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰংকুট সহ সমগ্ৰ হাউৰাঘাট অঞ্চলতে ৷

আনহাতে,নিৰ্যাতিতা ছাত্ৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দিয়াৰ পাছতে শণিবাৰে পুৱাভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট টেট শিক্ষকজনক।

ইপিনে,লম্পট শিক্ষকজনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৰংকুটৰ সচেতন ৰাইজ ৷ সকলোৱে টেট শিক্ষক গৌতম নাথক ফাঁচীৰ দাবী তোলে ৷ আনহাতে শিক্ষকজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৰাইজক আশ্বাস দি কয় যে দোষীয়ে ৰেহাই নাপায় কোনো কাৰণতে ৷ ইতিমধ্যে আৰক্ষীয়ে ধৃত টেট শিক্ষক গৌতম নাথৰ বিৰুদ্ধে শিশু পকচ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি সদৰি কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷

Exit mobile version