Satgaon Police Station:স্মাৰ্ট মহানগৰী ! থানাৰ ভিতৰত একঁকাল পানী

satgaon thana 1

Satgaon Police Station:

এজাক নেৰানেপেৰা বৰষুণ দিলেই জলমগ্ন হৈ পৰে মহানগৰীৰ অধিকাংশ অঞ্চল ৷ পথ – উপ- পথত একাঠু পৰ্যন্ত পানী হোৱাটো এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে স্মাৰ্ট মহানগৰীত ৷
এইখন মহানগৰীৰ এখন থানালৈ যদি যাবলগীয়া হয় তেন্তে যাব লাগিব পানী গছকি ৷ আনহাতে থানাৰ ভিতৰত একঁকাল পানী

কৃত্ৰিম বানৰ কবলত পৰা থানা খন হৈছে সাতগাঁও আৰক্ষী থানা ৷ দেওবাৰে নিশা অহা মুষলধাৰ বৰষুণত মহানগৰীৰ ঠায়ে ঠায়ে হৈ কৃত্ৰিম বান। তাৰ মাজতে বৰষুণৰ পানীৰ কবলত পৰে মহানগৰীৰ সদাব্যস্ত এই খন থানা। থানাৰ আৰক্ষীৰ লগতে সৰ্বসাধাৰণ লোক এতিয়া পানী গছকিয়ে থানালৈ আহযাহ কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে ৷

Exit mobile version