APCC Felicitates Three Newly Elected Congress MP:মহানগৰীৰ ৰাজীৱ ভৱনত উৎসৱমুখৰ পৰিবেশ

নৱ-নিৰ্বাচিত তিনি গৰাকী কংগ্ৰেছ সাংসদক সম্বৰ্ধনা এপিচিচিৰ

apcc1

APCC Felicitates Three Newly Elected Congress MP:

পুনৰ যেন প্ৰাণ পাই উঠিল মহানগৰীৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন

বহুদিন ধৰি নিজম পৰি থকা ৰাজীৱ ভৱনক প্ৰাণৱন্ত কৰি তুলিলে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনি নৱ-নিৰ্বাচিত সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈয়ে ৷

শুক্ৰবাৰে নৱ-নিৰ্বাচিত তিনি সাংসদক সম্বৰ্ধনা জনায় এপিচিচি-এ ৷ ৰাজীৱ ভৱনৰ সভাগৃহত বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত তিনিও গৰাকী সাংসদক উস্ম আদৰণি জনায় এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ জ্যেষ্ঠ নেতাই ৷

সম্বৰ্ধনা সভাখনত এপিচিচিৰ কাৰ্যবাহী সভাপতি জাকিৰ হুচেইন শিকদাৰ সহ সকলো বিধায়ক উপস্থিত থাকে ৷

Exit mobile version