Three children from the same family in Agra have passed NEET:নীটত একে পৰিয়ালৰে তিনি সন্তানৰ সফলতা অর্জন

agra

Three children from the same family in Agra have passed NEET:

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম এমবিবিএছত নামভার্তিৰ বাবে আয়োজিত নীট পৰীক্ষা দেশৰ অন্যতম এক কঠিন প্রবেশ পৰীক্ষা হিচাপে পৰিচিত।

এই পৰীক্ষাত প্রতি বছৰে লাখ লাখ অতি মেধাবী শিক্ষার্থীয়ে অৱতীর্ণ হৈ আহিছে যদিও মুষ্টিমেয় সংখ্যকেহে সফলতা লাভ কৰিব পাৰে। যোৱা চাৰি জুনত এইবাৰৰ নীট পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল।

এইবাৰৰ নীট পৰীক্ষাৰ পাছতে দেশজুৰি চৰ্চিত হৈছে আগ্রাৰ এটি পৰিয়াল। এই পৰিয়ালৰ তিনি সন্তানে নীটত উত্তীর্ণ হৈ সকলোৰে দৃষ্টি আকর্ষিত কৰিছে। উত্তৰ প্রদেশৰ আগ্রাৰ দয়ালবাগ নিবাসী ভোলাৰাম ত্যাগীৰ পৰিয়ালৰ তিনি সন্তানে নীটত সফলতা অর্জন কৰিব।

ভোলাৰামৰ জ্যেষ্ঠ পুত্র ডাঃ অজয় ত্যাগীয়ে পূর্বে এমবিবিএছ পাঠ্যক্রম অধ্যয়ন কৰিছিল। এইবাৰ ডোলাৰামৰ দ্বিতীয় আৰু তৃতীয় পুত্ৰৰ তিনি সন্তানে নীটত সফলতা লাভ কৰিলে।

ভোলাৰামৰ যৌথ পৰিয়ালৰ তিনি সন্তানৰ এই সফলতাই বিশেষ চর্চা লাভ কৰিছে। ভোলাৰামৰ নাতি পূজা, মনোজ আৰু মানসীয়ে নীটত সফলতা লাভ কৰিলো। পূজাই ৬৭৬, মনোজে ৬৭১ আৰু মানসীয়ে ৬৪০ সংখ্যক নম্বৰ লাভ কৰিলে।

Exit mobile version