Manipur Chief Minister’s Convoy Attacked by Militants:মণিপুৰত কুকি উগ্ৰপন্থী ভয়ংকৰ এম্বুজ

মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থীৰ ধাৰাষাৰ গুলীবৰ্ষণ, আহত দুগৰাকী নিৰাপত্তাৰক্ষী

manipur 1

Manipur Chief Minister’s Convoy Attacked by Militants:

অগ্নিগৰ্ভা মণিপুৰত সোমবাৰে সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ মুখ্যমন্ত্ৰীৰ কনভয়ত ভয়ংকৰ আক্রমণ ৷ মুখ্যমন্ত্রী এন বীৰেন সিঙৰ কনভয়লৈ ধাৰাসাৰ গুলীবর্ষণ। গুলীবর্ষণত গুৰুত্বৰভাৱে আহত হয় দুজনকৈ নিৰাপত্তাৰক্ষী ৷ ঘটনাৰ সময়ত কনভয়ৰ গাড়ীত নাছিল মুখ্যমন্ত্ৰী এন বীৰেন সিং ৷

পুৱাভাগত সন্দেহযুক্ত কুকি সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ এম্বুজ সংঘটিত হয় ইম্ফলৰ জিৰিবামৰ ৩৭ন’ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা কটলেন নামৰ এখন পাৰ্বত্যাঞ্চলত ৷

আনহাতে কুকি উগ্ৰপন্থীৰ গুলীবৰ্ষণত আহত এজনৰ নাম মৈৰামথেম আজেজ ৷ আহত দুয়োজন নিৰাপত্তাৰক্ষীক ততাতৈয়াকৈ ইম্ফলৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ অঞ্চলটোত মোতায়েন কৰিছে অৰ্ধসামৰিক বাহিনীৰ জোৱানক ৷ অৰ্ধসামৰিক বাহিনীয়ে কুকি উগ্ৰপন্থীৰ সন্ধানত আৰম্ভ কৰিছে ব্যাপক অভিযান ৷ এই ঘটনাই সম্প্ৰতি অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা

Exit mobile version