Karbi Anglong Murder: ডিফুত শোৱাপাটীতে যুৱতীক গুলীয়াই হত্যা

কেঁচা ঘৰৰ বেৰ ভাঙি বাসগৃহত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই

karbianglong murder

Karbi Anglong Murder:

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু চাঞ্চল্যকৰ ঘটনা। সোমবাৰে মাজনিশা শোৱা পাটিতে এগৰাকী যুৱতী গুলীয়াই হত্যা কৰা হয় ৷ হত্যাৰ বলি হোৱা যুৱতী গৰাকী নাম শুকুৰী তিছ’পী(২৩) ৷

প্ৰাপ্ত খবৰ অনুসৰি ,ডিফু চহৰৰ ১২ নং ৱাৰ্ডৰ আৰলং লাংছ’ৰ এটা কেঁচা ঘৰৰ বেৰ ভাঙি দুৰ্বৃত্তই নিশা ঘৰটোত সোমাই সেই সময়ত শুই থকা অৱস্থাতে শুকুৰী তিছ’পী নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে ৷

দুই ভগ্নীৰ স’তে বসবাস কৰা যুৱতী গৰাকীক গুলীয়াই হত্যা কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ডিফু চহৰত । উল্লেখ্য যে,মৃত যুৱতী গৰাকীৰ প্ৰাক্তন উগ্ৰপন্থীৰ স’তে বিবাহ হৈছিল যদিও বিবাহ বিচ্ছেদ হৈ ঘৰতে আছিল ৷ কোনে কি কাৰণত এইদৰে মাজনিশা গুলীয়াই হত্যা কৰিলে এই সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে। কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক তৎকালেই কৰায়ত্ব কৰিবলৈ ডিফু আৰক্ষীক নিৰ্দেশ দিয়ে ৷

Exit mobile version