12 Smuggled Burmese Cattle Seized at Bangladesh Border:বাংলাদেশ সীমান্তত ১২টা চোৰাং বাৰ্মিজ গৰু জব্দ

cow seized

12 Smuggled Burmese Cattle Seized at Bangladesh Border:

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ চোৰাং কৈ নি থকা পথত কাছাৰৰ কাটিগৰাত বিএছএফ – আৰক্ষীৰ তৎপৰতাত ১২ টা বাৰ্মিজ গৰু সহ আটক হয় সৰবৰাহকাৰী ৷

বিশেষ খবৰৰ ভিত্তিত, বি এছ এফৰ ১৭০ নম্বৰ বেটেলিয়ন আৰু কাটিগৰা আৰক্ষীয়ে কাটিগৰাৰ বদৰপুৰঘাটত এন এল 02-কিউ-৮১২৮ নম্বৰৰ এখন ট্ৰাকত অৰ্তকিতে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় বাৰ্মিজ গৰু কেইটা।

গৰু সৰবৰাহৰ অভিযোগত ট্ৰাকখনৰ চালক আব্দুল কায়ুমক গ্ৰেপ্তাৰ কৰে কাটিগৰা আৰক্ষীয়ে৷ আটকাধীন আব্দুল কায়ুমৰ ঘৰ কাটিগৰাৰ দুধপুৰত তৃতীয় খণ্ডত ৷

উল্লেখ্য যে,আগন্তুক ঈদৰ বাবে সৰবৰাহকাৰীয়ে মেঘালয়ৰ মাজেৰে বাৰ্মিজ গৰু কেইটা বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে কাটিগৰা আৰক্ষীয়ে

Exit mobile version