Kuwait Building Fire:কুৱেইটৰ মংগাফ চহৰৰ এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড

৪১জন প্ৰৱজিত ভাৰতীয় শ্ৰমিকৰ কৰুণ মৃত্যু, ঘটনাত শোক প্ৰকাশ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ, কুৱেইটস্থ ভাৰতীয় দূতাবাসে মুকলি কৰিলে হেল্পলাইন

fire 1

Kuwait Building Fire:

উপসাগৰীয় দেশ কুৱেইট মংগাফ চহৰৰ এটা অট্টালিকাত আজি পুৱাতে সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত ৪১জন প্ৰৱজিত ভাৰতীয় শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লয় ৷ অগ্নিকাণ্ডত আহত হয় ৩০ জনৰো অধিক ৷অগ্নিদগ্ধ লোকক হাস্পতাল ভৰ্তি কৰোৱা হৈছে।

হাস্পতালত আহত ভাৰতীয় শ্ৰমিকসকলৰ স্বাস্থ্যৰ বুজ লয় কুৱেইটস্থ ভাৰতীয় দূতাবাসৰ জ্যেষ্ঠ বিষয়াই ৷ ইতিমধ্যে ভাৰতীয় দূতাবাসে মুকলি কৰিলে হেল্পলাইন ৷

কুৱেইটৰ আভান্তৰীণ মন্ত্ৰী শ্বেখ ফাৰহাড ইউচুফে সংবাদ মাধ্যমক সদৰি কৰা মতে,আজি পুৱা দেশ খনৰ দক্ষিণাঞ্চলৰ মংগাফৰ এটা ছয়মহলীয়া বিল্ডিঙত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। পলকতে জুয়ে ভয়ংকৰ ৰূপ লৈ গোটেই বিল্ডিঙটো আগুৰি ধৰে ৷

ভয়ংকৰ অগ্নিকাণ্ডৰ পাছতে ব্লিডিটোত কৰ্মৰত হৈ থকা প্ৰৱজিত ভাৰতীয় শ্ৰমিকৰ মাজত হুৱাদুৱা লাগে ৷ আনহাতে ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

অগ্নিকাণ্ডত বিধ্বস্ত হোৱা অট্টালিকাটোৰ পৰা ৪১জন প্ৰৱজিত ভাৰতীয় শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত ৩০জনৰো অধিক লোকক ততাতৈয়াকৈ ভৰ্তি কৰা হয় নিকটৱৰ্তী হাস্পতালত ৷ নিহত সকলৰ বয়স ২০ পৰা ৫০ ৰ ভিতৰত ৷ এই শোকাৱহ ঘটনাত শোক প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

বৈদেশিক মন্ত্ৰী গৰাকীয়ে কুৱেইটস্থ ভাৰতীয় দূতাবাসক আহত সকলক পাৰ্যমানে সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷

Exit mobile version