Dispur Police:মহানগৰীত ড্ৰাগছ বিক্ৰী কৰিবলৈ গৈ এছটিএফৰ জালত আৰক্ষী

dispur police 1

Dispur Police:

সৰিয়হ তলিতে ভূত ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন আৰক্ষীৰ ক্ষেত্ৰত। মহানগৰীৰ দিছপুৰ আৰক্ষী থানাৰ এজন আৰক্ষী সংগোপনে ড্ৰাগছ বিক্ৰী কৰিবলৈ গৈ জালত পৰে এছ টিএফৰ জালত ৷

প্ৰাপ্ত খবৰ অনুসৰি,দিছপুৰ আৰক্ষী থানাৰ পেট্ৰলিঙৰ গাড়ীচালক সঞ্জয় মাহাতোয়ে যোৱা নিশা মেঘালয়ৰ পৰা সৰবৰাহ কৰি অনা ড্ৰাগছ  নালাপাৰাত  বিক্ৰী কৰিবলৈ লওতেই  পূৰ্বৰে খাপ পিটি থকা অসম আৰক্ষীৰ এছটিএফৰ দলে হাতেলোটে আটক কৰে ৷

উল্লেখ্য যে,এছটিএফৰ দলটোক দেখি ড্ৰাগছভৰ্তি কন্টেইনাৰ কেইটা নলালৈ নিক্ষেপ কৰে সঞ্জয় মাহাতোয়ে ৷ কিন্ত পিছত আৰক্ষীয়ে নলাৰ পৰা ড্ৰাগছভৰ্তি কন্টেইনাৰ কেইটা তুলি আনে ৷

উদ্থাপিত অভিযোগ মতে,বহুদিনৰ পৰা সঞ্জয় মাহাতোয়ে সংগোপনে দিছপুৰ আৰক্ষীৰ পেট্ৰলিঙৰ গাড়ীৰে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ৷ ইতিমধ্যে ধৃত সঞ্জয় মাহাতোক অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলাইছে এছটিএফে

Exit mobile version