Four young women, including two youths, were arrested in connection with honey Trapping:দিছপুৰ আৰক্ষীৰ জালত হানী ট্ৰেপিং চক্ৰ

৪ যুৱতী সহ ২জন যুৱকক গ্ৰেপ্তাৰ

haney traping 1

Four young women, including two youths, were arrested in connection with honey Trapping:

মহানগৰীত উৎখাত বৃহৎ হানীং ট্ৰেপিং চক্ৰ ৷ হানিং টেপিঙ চক্ৰৰ বলী হোৱা এজন চৰকাৰী বিষয়াৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে মহানগৰীৰ বিভিন্নস্থানত অভিযান চলাই চাৰি যুৱতী সহ দুজন যুৱকক আটক কৰে।

উল্লেখ্য যে,কিছুদিন পূর্বে এজন যুৱকৰে চিনাকি হৈছিল যুৱতী কেইগৰাকী ৷ পৰৱৰ্তী সময়ত এই চিনাকি সূত্ৰে প্ৰেমৰ ছলনাৰে জালত পেলাই যুৱকজনক ৷

ইয়াৰ পাছত যুৱকজনক সুৰাৰ পাৰ্টিত মাতাল কৰি কোঠাত লিপ্ত কৰাই গোপন অভিসাৰত ৷এনে সময়তে আৰক্ষী পোছাত প্ৰৱেশ কৰে দুই যুৱক ৷ এই দুই নকল আৰক্ষীয়ে গোপন অভিসাৰত লিপ্ত কৰাৰ অভিযোগত ব্লেকমেইলিং কৰি যুৱকজনৰ পৰা সৰকাই বুজন পৰিমাণৰ ধন ৷

ইয়াৰ পিছতো পুনৰ ব্লেকমেইলিং কৰি ধন দাবী কৰাত উপায়ন্তৰ হৈ ভুক্তভোগী যুৱকজনে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত ৷ এই এজাহাৰৰ ভিত্তিত যোৱাকালিৰে পৰা আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰে চাৰি যুৱতী সহ আৰক্ষীৰ বেশ ধৰি ব্লেকমেইলিং কৰা দুই যুৱকক ৷ ধৃত যুৱক দুজন ৰাজ দে’ আৰু আব্দুল মালিকা মোল্লা আৰু ছদ্মনামধাৰী চাৰি যুৱতী মাইনা, কৰিশ্মা, বেবী, চনিয়াকো ৷

মনকৰিবলগীয়া যে, এই কুখ্যাত হানিং ট্ৰেপিং চক্ৰটোৰ অন্যতম কাণ্ডাৰী চাৰি যুৱতীয়ে টাৰ্গেট কৰি লয় বিভিন্ন পদপথৰ কাষত থকা একাংশ ফাষ্টফুডৰ দোকান ৷ কিয়নো এই দোকানলৈ অহা ধনী টকা- পইছা থকা লোকৰ স’তে প্ৰথমে চিনাকি হয় ৷ পিচত ফোনত নানান ছলাহী কথাৰে প্ৰেম নিবেদন কৰে মাইনা, কৰিশ্মা, বেবী, চনিয়া নামধাৰী চলনাময়ী যুৱতী কেইগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত সুৰাপাৰ্টিত নিমন্ত্ৰণ কৰে প্ৰেমত পেলোৱা যুৱকক আৰু গোপন অভিসাৰত লিপ্ত কৰায় থাকোতেই আৰক্ষীৰ পোছাকত প্ৰৱেশ কৰে দুই নকল আৰক্ষী ৷ ইয়াৰ পৰাই আৰম্ভ হয় ব্লেকমেইলিং পৰ্ব ৷ বিভিন্ন ভয়- ভাবুকি দি জালত পেলোৱা যুৱকৰ পৰা সৰকাই বুজন পৰিমাণৰ ধন ৷

এইদৰেই মহানগৰীত নিবিঘ্নে হানী ট্ৰেপিং চক্ৰটোৱে অব্যাহত ৰাখিছিল তেওঁলোকৰ কামকাজ ৷ কিন্ত এশ গৰু মাৰিলে বাঘৰো মৰণ লেখিয়া এই চক্ৰটো অৱশেষত পৰে দিছপুৰ আৰক্ষীৰ জালত ৷

ইতিমধ্যে আটকাধীন চাৰি যুৱতী সহ দুই যুৱকক দিছপুৰ আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰি পুনৰ নিজৰ জিন্মাত লয় ৷ আৰক্ষীৰ মাৰাথন জেৰাত হানী ট্ৰেপিং চক্ৰটোৱে আৰু বহু তথ্য দিয়াৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগে লগে আটকাধীনৰ তালিকা বৃদ্ধি হোৱাৰ থল আছে বুলি প্ৰকাশ কৰে তদন্তকাৰী বিষয়াই ৷

Exit mobile version