Former Karnataka CM Yeddyurappa could be Arrested:গ্ৰেপ্তাৰ হ’ব পাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী য়েডুৰাপ্পা

karnataka

Former Karnataka CM Yeddyurappa could be Arrested:

প্ৰজ্জল ৰেভান্নাৰ পাছত এইবাৰ যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পা

কর্ণাটকৰ গৃহমন্ত্রী জি পৰমেশ্বৰে এই কথা সদৰী কৰি কয় যে তদন্তৰ প্ৰয়োজনত প্রাক্তন মুখ্যমন্ত্রীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে। যেডুৰাপ্পাৰ বিৰুদ্ধে পকছ’ আইনৰ অধীনত গোচৰ আছে।

চিআইডিৰ বিশেষ তদন্তকাৰী দলে এই অভিযোগৰ তদন্ত চলাইছে। বাংগালুৰুৰ সদাশিৱ নগৰ থানাই যোৱা মাৰ্চত ১৭ বছৰীয়া পীড়িতা আৰু মাতৃৰ অভিযোগৰ ভিত্তিত ৮৫ বছৰীয়া য়েডুবাপ্পাৰ বিৰুদ্ধে উক্ত গোচৰ ৰুজু কৰিছিল।

Exit mobile version