Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Who Gave Clean Chit And To Whom :কোনে কাক ক্লিনশ্বিট দিলে ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
April 1, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Who Gave  Clean Chit And To Whom :কোনে কাক ক্লিনশ্বিট দিলে ?
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Who Gave Clean Chit And To Whom:কোনে কাক ক্লিনশ্বিট দিলে ?

# প্রাঞ্জলসেন ডেকা

দেশৰ অষ্টাদশ লোকসভা গঠনৰ বাবে সম্প্রতি পৰিলক্ষিত হোৱা সাধাৰণ নিৰ্বাচনৰ দৃশ্যপট অভূতপূর্ব বুলিয়ে ক’ব লাগিব। যিকোনো নির্বাচনত প্রতিদ্বন্দ্বী দলসমূহৰ মাজত যুঁজ তীব্রতৰ হোৱাটো স্বাভাৱিক। কিন্তু পুনৰ ক্ষমতা দখলৰ বাবে শাসক পক্ষই যি ধৰণৰ আগ্রাসী ভূমিকা আৰু কূটকৌশলৰ আশ্ৰয় লৈছে, সেয়া নজিৰবিহীন।

ADVERTISEMENT

সাধাৰণতে নিৰ্বাচনৰ সময়ছোৱাত ৰাজনৈতিক দলসমূহে এফালে নিজৰ সাফল্যসমূহ আৰু আনফালে প্ৰতিপক্ষৰ দোষ- ত্রুটিসমূহ দাঙি ধৰি প্ৰচাৰত অৱতীর্ণ হয় তেনে পৰিৱেশৰ বিপৰীতে এইবাৰ সমগ্ৰ বিৰোধীক গভীৰ চাপত ৰাখি নির্বাচনটো একপক্ষীয় কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলাই অহা পৰিলক্ষিত হৈছে।

ফলস্বৰূপে নির্বাচনী প্ৰচাৰৰ পৰিৱৰ্তে কোনটো বিৰোধী দলৰ সন্মুখত কি নতুন সংকটৰ সৃষ্টি কৰা হয়, প্রতিদিনে যেন তাৰ বাবেই সাজু থাকিব লগা হৈছে। নির্বাচনী প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে প্রধান বিৰোধী দল কংগ্রেছক ১৮শ কোটিৰো অধিক টকাৰ আয়কৰ আদায়ৰ জাননী জাৰি কৰা হৈছে। তাৰ পূৰ্বে দলৰ ১১টাকৈ বেংক একাউন্ট জব্দ কৰা হৈছে।

তেনেদৰেই আম আদমী পার্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)-এ গ্রেপ্তাৰ কবি জিম্মাত ৰাখিছে। ইয়াৰ পূৰ্বে দলৰ আন তিনি শীর্ষ নেতাকো গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰি ৰাখিছে।

এই কথা দোহৰাৰ প্ৰয়োজন নাই যে গণতান্ত্রিক শাসন ব্যৱস্থাত ভোটাৰে যাক পছন্দ কৰে, সেই দলেই ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰে। কেৱল ভোটাৰক সুস্থ সিদ্ধান্ত গ্ৰহণৰ সুযোগ দিয়াৰ বাবে এক সুস্থ আৰু নিৰপেক্ষ পৰিবেশ নিশ্চিত কৰাটো প্রয়োজন।

এই ক্ষেত্ৰত সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা কৰা নিৰ্বাচন আয়োগ তথা চৰকাৰেই প্রধান ই ভূমিকা গ্রহণ কৰিব লাগিব। অথচ সম্প্রতি তাৰ সম্পূর্ণ বিপৰীত ছবিহে ফুটি উঠিছে। ফলত দেশত এতিয়া সুস্থ নির্বাচন অনুষ্ঠিত হোৱাৰ পৰিৱেশ আছেনে বুলি বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। ইয়াৰ পূৰ্বেও দেশত বহু সময়ত জটিল -পৰিস্থিতিৰ উদ্ভৱ হৈছিল, কিন্তু নতুন চৰকাৰ এখন গঠনৰ বাবে কোনো এক বিশেষ পক্ষৰ দ্বাৰা নিৰ্বাচনৰ প্রাকক্ষণত এনে ধৰণৰ চেপা পৰিৱেশ সৃষ্টি কৰাৰ নজিৰ নাই।

ইয়াৰ পৰিণতি স্বৰূপে যিকোনো শুভ বুদ্ধিসম্পন্ন সচেতন নাগৰিকেই চৰম উদ্বিগ্নতাত ভুগিবলৈ বাধ্য হৈছে। বিশ্বৰ গণতান্ত্রিক দেশসমূহে ভাৰতৰ নিৰ্বাচনকেন্দ্রিক এনে পক্ষপাতমূলক পৰিৱেশক সহজভাৱে গ্রহণ কৰা নাই। ইতিমধ্যে জার্মানী আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ পাছত ৰাষ্ট্ৰসংঘয়ো শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে; অথচ এই দুয়োখন ভাৰতৰ ঘনিষ্ঠ বন্ধুৰাষ্ট্ৰ। ইয়াৰ পূৰ্বে এনে পৰিবেশ উদ্ভৱ হোৱাৰ কথা মনত নপৰে।

বিগত এক দশক কাল কঠোৰ দুর্নীতি বিৰোধী ভূমিকাত অৱতীৰ্ণ হোৱাৰ দাবী বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ কুক্ষিগত কৰি ৰাখিছে যদিও ইয়াৰ প্ৰকৃত স্বৰূপ সম্প্রতি পোহৰলৈ আহিছে। মোদী চৰকাৰে প্ৰৱৰ্তন কৰা অবৈধ নির্বাচনী বণ্ডৰ তথ্যসমূহ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মুকলি হোৱাৰ পাছতে ইয়াৰ আঁৰত কি জঘন্য দুর্নীতি সংঘটিত হৈ আছিল সেয়া দেশবাসীৰ সম্মুখত ওলাই পৰিছে।

এই নির্বাচনী বণ্ড প্রকৃততে ব্লেকমেইলিঙৰ জৰিয়তে বিভিন্ন কৰ্প’ৰেট গোষ্ঠীৰ পৰা বিজেপিৰ বাবে হেজাৰ হেজাৰ কোটি টকাৰ বৰঙণি আদায় কৰা এক অস্ত্রৰূপেহে ব্যৱহাৰ হৈ আহিছে। এই নির্বাচনী বণ্ডৰ বিজেপিয়ে কিদৰে অপব্যৱহাৰ কৰি আহিছে, তাক তিনিটা দিশেৰে বিশ্লেষণ কৰিব পাৰি।

প্ৰথমতে, একাংশ কোম্পানীক বিজেপিক বৰঙণি আদায়ৰ বাবে বাধ্য কৰিবলৈ ইডি, চিবিআই, আয়কৰ আদি কেন্দ্রীয় সংস্থাৰ দ্বাৰা গোচৰ আৰু তালাচীৰ নামত ভাবুকি প্রদান কৰা হৈছিল। আর্থিক দুর্নীতি-অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নামত বিজেপিয়ে এনেদৰে বলপূর্বক ধন আদায়হে কৰিছিল।

প্ৰকাশিত তথ্যৰ পৰাই এয়া জল্ পঙ্গুট্ হৈ পৰিছে যে কেন্দ্ৰীয় সংস্থাৰ তালাচীৰ আগে-পিছে তেনেবোৰ কোম্পানীয়ে বিজেপিক শ শ কোটি টকা আদায় দিছিল আৰু তাৰ বিনিময়ত চৰকাৰৰ পৰা সুৰক্ষা লাভ কৰিছিল। দ্বিতীয়তে, নির্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক বৃহৎ পৰিমাণৰ বৰঙণি আদায় দি একাংশ কোম্পানীয়ে চৰকাৰৰ পৰা বৈধ-অবৈধভাবে বৃহৎ বৃহৎ ঠিকা-ঠুকলি আদায় কৰিছিল।

তৃতীয়তে, নির্বাচনী বণ্ডৰ জৰিয়তে এনেবোৰ ঔষধ কোম্পানীৰ পৰাও বৰঙণি আদায় কৰা হৈছিল, যিসমূহৰ ঔষধ নিম্নমানৰ হোৱা হেতুকে চৰকাৰী বিভাগে জাননী জাৰি কৰিছিল। জনস্বাস্থ্যলৈ গভীৰ ভাবুকি কঢ়িয়াই অনা এনেবোৰ কোম্পানীয়ে শাসক পক্ষক শ শ কোটি টকা বৰঙণি আদায় দিয়াৰ পাছতে তেনেবোৰ জাননী শুংসূত্রহীন হৈ পৰিছিল আৰু কোম্পানীবোৰে নিজৰ নিজৰ ঔষধৰ ব্যৱসায় বিনা বাধাই চলাই যাবলৈ সক্ষম হৈছিল। ইয়ে স্পষ্ট কৰি দিয়ে যে ঠিকা-ঠুকলি বাদেই, জনস্বাস্থ্যলৈ গভীৰ ভাবুকি কঢ়িয়াই অনা নিম্নমানৰ ঔষধ প্রস্তুতকর্তাকো বিজেপিয়ে ধনৰ বিনিময়ত অবৈধ বেহাৰ মুকলি লাইচেন্স প্রদান কৰিছিল।

অকল সেয়ে নহয়, জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় ঔষধসমূহৰ আকাশলংঘী মূল্যবৃদ্ধিৰ আঁৰতো এনে অসৎ লেন-দেনে মূল ভূমিকা গ্রহণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে এই কথা প্রতিষ্ঠিত হৈছে যে বিজেপিক ধন আৰু ৰাজনৈতিক সমর্থন প্রদান কৰিলে যিমান গুৰুতৰ দুর্নীতি অথবা অপৰাধত লিপ্ত হ’লেও চৰকাৰৰ পৰা সকলো ধৰণৰ সুৰক্ষা লাভ কথাটো সম্ভৱ। যোৱা দশকটোত ধাৰাবাহিকভাবে এনে ঘটনা দেশবাসীয়ে প্ৰত্যক্ষ কৰি আহিছে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিজেপিয়ে এফালে দুর্নীতিৰ বিৰুদ্ধে ডিঙি ফুলাই ভাষণ দিছে আৰু তাতোকৈ অধিক দ্রুততাৰে দুর্নীতি-ভ্রষ্টাচাৰক প্রশ্রয় দিছে।

সবাতোকৈ দুর্ভাগ্যজনক এয়ে যে এনে প্রতিটো ন ঘটনাক লৈ দেশজুৰি সমালোচনাৰ জোৱাৰ উঠিছে যদিও সেইবোৰক আওকাণ কৰি অভিযান অব্যাহত ৰখা হৈছে। জনতাৰ প্রতিক্রিয়ালৈ ন্যূনতম সম্মান প্রদর্শনৰো প্রয়োজন অনুভৱ কৰা হোৱা নাই।

২০১৪ৰ পৰা আৰম্ভ কৰি শেহতীয়া সময়লৈ যিসকলৰ বিৰুদ্ধে লম্ফ-জম্ফ কৰি বিজেপিয়ে কেন্দ্ৰৰ লগতে আন বহু – ৰাজ্যত ক্ষমতা কুক্ষিগত কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ অধিকাংশই সম্প্রতি এই দলত চামিল হৈ ক্ষমতাৰ অংশীদাৰ হৈছে। সমগ্র দেশৰ অবিজেপি দলৰ যিসকল নেতাৰ বিৰুদ্ধে হেজাৰ হেজাৰ কোটি টকাৰ দুর্নীতি-কেলেংকাৰিৰ অভিযোগত প্রধানমন্ত্রী তথা বিজেপি সততে সৰৱ হৈ আহিছে সেইসকলৰ কেইজনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ল তাৰ উত্তৰ কোনে দিব? দূৰলৈ নগৈ যোৱা এবছৰৰ ঘটনালৈ চালেই সেয়া ওলাই পৰিব।

স্বয়ং প্রধানমন্ত্রী মোদীয়ে ৭০ হেজাৰ – কোটি টকাৰ দুর্নীতিত জড়িত বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ মাত্র দুদিনো নৌহওঁতেই মহাৰাষ্ট্ৰত অজিত পাৱাৰক বিজেপিৰ সবাতোকৈ বৃহৎ মিত্ৰৰূপে আদৰি লোৱাই নহয়, উপ-মুখ্যমন্ত্ৰীৰ পদতো অধিষ্ঠিত কৰা হয়।

শাৰদ পাৱাৰৰ এনচিপিত বিভাজন ঘটাই অজিতৰ স’তে চামিল হোৱা আৰু মহাৰাষ্ট্ৰ চৰকাৰত গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্রিত্ব লাভ কৰা আটাইকেইজনেই বিভিন্ন গুৰুতৰ দুর্নীতি-অপৰাধত লিপ্ত। তেনে একাধিক নেতাই আনকি সুদীর্ঘকাল কাৰাবাসো খাটিবলগীয়া হৈছে। অকল সেয়ে নহয়, এতিয়া সেইসকলৰ স’তেই মিলি বিজেপিয়ে লোকসভা নির্বাচনত অবতীর্ণ হৈছে মোদীক তৃতীয়বাৰলৈ প্রধানমন্ত্রী পাতিবলৈ।

প্রসংগক্রমে উল্লেখনীয় যে শাৰদ পাৱাৰৰ অতি ঘনিষ্ঠভাবে থাকিও গোপনে এনচিপিত বিভাজন ঘটোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ পুৰস্কাৰস্বৰূপে দলৰ নেতা তথা ড: মনমোহন সিং চৰকাৰৰ অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী প্ৰফুল পেটেলৰ বিৰুদ্ধে চলি থকা গুৰুতৰ দুৰ্নীতিৰ গোচৰৰ তদন্ত চিবিআয়ে বন্ধ কৰিলে। কেন্দ্রীয় তদন্তকাৰী সংস্থাটৱে আদালতক জনোৱা মতে উক্ত গোচৰত কোনো অনিয়মৰ তথ্য পোৱা নগ’ল; অথচ সৌসিদিনালৈকে চৰকাৰী সংস্থাৰ বিমান অবৈধভাৱে লীজত দিয়াৰ অভিযোগক লৈ বিজেপিয়ে কেৱল পেটেলৰ বিৰুদ্ধেই নহয়, তদানীন্তন প্রধানমন্ত্রী ড:সিঙকো সুদীর্ঘ কাল ধৰি কটু সমালোচনা কৰি আহিছে।

তেনেদৰেই চিবিআয়ে দেশৰে সবাতোকৈ বৃহৎ খনি মাফিয়াৰূপে অভিযুক্ত কৰা কৰ্ণাটকৰ কুখ্যাত গালি জনার্দন ৰেড্ডীকো সম্প্রতি বিজেপিত চামিল কৰা হৈছে। লক্ষ্য আৰু উদ্দেশ্য একেটাই- মোদীক তৃতীয়বাৰলৈ প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰাটো। এই একেজন খনি মাফিয়াক লৈয়ে পূর্বতে কৰ্ণাটকৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পা গাদীৰ পৰা অপসাৰিত হ’বলগীয়া হৈছিল। এতিয়া এইসকল কুখ্যাত অপৰাধীৰ সহায়ত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ মোদীয়ে তেওঁৰ দুর্নীতিবিৰোধী

অশ্বমেধৰ ঘোঁৰা দৌৰাবলৈ সাজু হৈছে! ইয়াতকৈ আত্মপ্ৰতাৰণা আৰু কি হ’ব পাৰে! ইয়াৰ বিপৰীতে অৰবিন্দ কেজৰিৱাল প্রমুখ্যে আম আদমী পার্টিৰ শীর্ষ নেতাসকলৰ লগতে আন আন দলৰ বিজেপিৰ ওচৰত সেও নমনা নেতাসকলৰ বিৰুদ্ধে সেই একেই চিবিআই, ইডি, আয়কৰ আদি কেন্দ্রীয় সংস্থা জঁপিয়াই পৰিছে।

ৰাজনৈতিকভাবে বলে নোৱাৰি কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰি আম আদমী পার্টিক ধ্বংস কৰি পেলাবলৈ কূট-কৌশল ৰূপায়ণ কৰা হৈছে। কিন্তু এই পর্যন্ত প্রকাশিত তথ্য আৰু পূৰ্বৰ অভিজ্ঞতালৈ চাই একপ্ৰকাৰ নিশ্চিত হ’ব পাৰি যে কেজৰিৱাল আৰু সহযোগীসকলক কাৰোবাৰ ৰাজনৈতিক উদ্দেশ্য পূৰণ হোৱাকৈ দীর্ঘদিন জেলত আৱদ্ধ কৰি ৰখাটো সম্ভৱ হ’লেও তথাকথিত সুৰা নীতিৰ গোচৰত দোষী সাব্যস্ত কৰাটো সম্ভৱ নহ’ব।

এনেবোৰ ঘটনাৰ ফলস্বৰূপে ইতিমধ্যে কেন্দ্রীয় সংস্থাসমূহৰ বিশ্বাসযোগ্যতা ধূলিসাৎ হৈ পৰিছে। লক্ষ্যণীয় যে যিসকল বিৰোধী নেতা-নেত্ৰীৰ বিৰুদ্ধে বিজেপিয়ে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে, সেইসকলক আইনগতভাৱে আদালতত দোষী সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাই।

উদাহৰণস্বৰূপে কংগ্ৰেছৰ ‘গান্ধী পৰিয়াল’ৰ প্ৰসংগকে উনুকিয়াব পাৰি। ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী-ৰবাৰ্ট বদ্ৰাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ তুলি বিজেপি সততে সৰৱ হৈ আহিছে; কিন্তু যোৱা সুদীর্ঘ ১০ বছৰত তেওঁলোকৰ বিৰুদ্ধে চৰকাৰী সংস্থাসমূহে এপইচাৰো দুর্নীতি প্ৰমাণ কৰিব নোৱাৰিলে।

ইয়েই অৱধাৰিতভাৱে প্রমাণ নকৰিবনে যে প্রকৃততে তেওঁলোক কোনো দুর্নীতিত জড়িত নহয়; কেৱল ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবেহে এনেবোৰ অভিযোগ উত্থাপন কৰি অহা হৈছে। ক্ষমতা দখলৰ স্বাৰ্থত কৰি অহা এনেবোৰ কাৰ্যকলাপে অৱশেষত দেশক অধিক ভ্ৰষ্টাচাৰৰ মাজলৈহে ঠেলি দিব বুলি আশংকাৰ সৃষ্টি হয়;কিয়নো বিহ গুটি ৰুই কেতিয়াও মিঠা ফল আশা কৰিব নোৱাৰি ৷

ফোন : ৯৪৩৫১১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesPranjalsen DekaWho Gave Clean Chit And To Whom
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d