Shah Rukh Khan’s ‘Jawan’ – ‘Pathan’ Sets New rRecord:উপসাগৰীয় দেশত শ্বাহৰুখৰ চমক ! ‘জৱান’- ‘পঠান’ৰ নতুন অভিলেখ

pathaan

‘Shah Rukh Khan’s Jawan’ – ‘Pathan’ Sets New Record:

শ্বাহৰুখ খানৰ জনপ্রিয়তা কেবল ভাৰততে নহয়, উপসাগৰীয় দেশতো যথেষ্ট বৃদ্ধি পাইছে। উপসাগৰীয় দেশত শ্বাহৰুখ খানৰ শেহতীয়া দুখন চলচ্চিত্ৰই ব্যৱসায়ৰ নতুন অভিলেখ গঢ়িলে ৷ শ্বাহৰুখ অভিনীত ‘পঠান’ আৰু ‘জবান‘ ছবি দুখনে উপসাগৰীয় দেশবোৰত খলকনি সৃষ্টি কৰা বাহুবলী’ ছবিৰ বাণিজ্যিক অভিলেখকো চেৰাই বক্স অফিচত ব্যৱসায়ৰ নতুন অভিলেখ ৰচিলে।

উল্লেখ্য যে, দক্ষিণ ভাৰতৰ অভিনেতা প্রভাস অভিনীত ‘বাহুবলী’এ দেশৰ বক্স অফিচত সকলো ৰেকৰ্ড ভংগ কৰিছিল।

আনহাতে,২০১৭ত মুক্তি লাভ কৰা ‘বাহুবলী-২’ ছবিখনে উপসাগৰীয় দেশত মুঠ ৮৬.১২ কোটি টকা উপার্জন কৰিছিল। উপসাগৰীয় দেশত সর্বাধিক ব্যৱসায় কৰা ভাৰতীয় ছবি হিচাপে পৰিচিত হৈছিল ‘বাহুবলী-২’। কিন্তু শ্বাহৰুখৰ ‘পঠান’ আৰু ‘জৱান’-এ এই অভিলেখ ভংগ কৰিলে। ‘জৱান’- এ উপসাগৰীয় বক্স অফিচত ১৪৭.৮৬ কোটি টকা আৰু ‘পঠান’-এ ১১৮.৬১ কোটি টকা উপার্জন কৰে।

পূর্বে ছলমান খানৰ ‘বজৰংগী ভাইজান’-এ ৭৮.৮৫ কোটি টকা আৰু আমিৰ খানৰ ‘ডংগল’ ছবিখনে ৭৩.৫২ কোটি টকা উপসাগৰীয় বক্স অফিচত সংগ্ৰহ কৰি অভিলেখ ৰচিছিল। কিন্তু পূৰ্বৰ এই সকলো অভিলেখ ভংগ কৰিলে শ্বাহৰুখৰ দুখন ছবিয়ে।

Exit mobile version