Shah Rukh Khan :
সদ্যমুক্তিপ্রাপ্ত ‘পঠান’ ছবিৰ বাণিজ্যিক সফলতাৰ জৰিয়তে সম্প্রতি চর্চাত থকা বলিউডৰ মহাতাৰকা অভিনেতা শ্বাহৰুখ খানে এইবাৰ এটা হাত ঘড়ীৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।
‘পঠান’ৰ সহ অভিনেত্রী দীপিকা পাডুকনৰ নিজস্ব প্রসাধনী সংস্থাৰ এক বিজ্ঞাপনতো অংশ ল’লে শ্বাহৰুখে।
এই বিজ্ঞাপনতে শ্বাহৰুখে হাতত পৰিধান কৰা এটা নীল ৰঙী ঘড়ীয়ে সম্প্রতি বিশেষ চৰ্চা লাভ কৰিছে। শ্বাহৰুখৰ হাতত থকা এই নীল ঘড়ীক লৈ কৌতুহল প্ৰকাশ কৰিলে তেওঁৰ অনুৰাগীয়ে।
প্রকাশিত বাতৰি অনুসৰি অভিনেতাজনে উক্ত বিজ্ঞাপনত ‘অডেমাৰ্চ পিগুৱেট’ ব্ৰেণ্ডৰ ঘড়ী পৰিধান কৰিছিল আৰু উক্ত ঘড়ীৰ মূল্য প্রায় ৪.৯৮ কোটি টকা।
ঘড়ীৰ এই অকল্পনীয় মূল্যৰ কথা শুনি অনেকে সামাজিক মাধ্যমত আশ্চর্য প্ৰকাশ কৰিছে। অৱশ্যে শ্বাহৰুখৰ বাবে এনে বিলাসী ঘড়ী পৰিধান কৰাটো ডাঙৰ কথা নহয়, কিয়নো বলিউডৰ এইজন জনপ্রিয় অভিনেতাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫,১০০ কোটি টকাৰো অধিক।































