16 Crore Embankment has Collapsed:এজাক বৰষুণতে চপৰা চপৰে খহিছে ১৬ কোটিটকীয়া মথাউৰি

ধেমাজিৰ জীয়াঢল-কুমটায়া নদীৰ সোঁপাৰৰ মথাউৰি নিৰ্মাণত দুর্নীতি জলসম্পদ বিভাগত, তদন্তৰ দাবী ছাত্ৰ সন্থাৰ

dhemaji ooooooo

16 Crore Embankment has Collapsed:

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্ততি বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ এটা প্রতিনিধি দলে ধেমাজি কুমটীয়া নৈৰ সোঁপাৰৰ মথাউৰি পৰিদর্শন কৰে। পৰিদর্শন কালত সংগঠনটোৰ সভাপতি আৰু সম্পাদকে সাংবাদিকক অভিযোগ কৰি কয় যে নৱনির্মিত মথাউৰিটোৰ দুটা বছৰ সম্পূর্ণ নৌহওঁতেই বাৰিষাৰ এজাক বৰষুণৰ ফলতেই মথাউৰিৰ কিছু অংশ খহি পৰে। ফলত নৈপৰীয়া ৰাইজলৈ সংশয় নামি আহিছে।

মথাউৰী নির্মাণত হোৱা দুর্নীতি-লুণ্ঠনৰ এইবোৰ বহিঃপ্রকাশ ঘটিছে। মথাউৰী নিৰ্মাণ কৰা ৰাজীব চাহু নামৰ ঠিকাদাৰজন স্থানীয় সাংসদজনৰ ঘনিষ্ঠ হোৱাৰ হেতুকে কাৰো কথা কাণসাৰ নিদি নিজৰ মইমতালিৰে মথাউৰি নিৰ্মাণ কৰিছে। ১৬ কোটি ৫০ লাখ টকাৰ কুমটীয়া নৈৰ সোঁপাৰৰ মথাউৰিটো ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সাপেখাতীলৈকে নির্মাণ কৰা হৈছিল |

কিন্তু ঠিকাদাৰৰ অকর্মণ্যতা আৰু লুণ্ঠনৰাজৰ ফলত নৈপৰীয়া ৩০ খন গাঁৱৰ ৰাইজৰ জীৱনলৈ ভাবুকি আহি পৰিছে। বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাই বহুবাৰ দাবী জনাই অহাৰ পাছতো ৰাজীৱ চাহুৰ লগতে ধেমাজি জলসম্পদ বিভাগৰ বিষয়া- কৰ্মচাৰীসকলে মিলি অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰাৰ ফলত এনে ভয়াৱহতাৰ সম্মুখীন হৈছে ।

বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাই পুনৰ জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকা আৰু স্থানীয় বিধায়ক তথা মন্ত্রী ডাঃ ৰণোজ পেগু আৰু লখিমপুৰৰ সাংসদ প্রদান বৰুৱাক উক্ত মথাউৰি পৰিদৰ্শন কৰি শীঘ্ৰে সমস্যা সমাধান কৰিবলৈ সংগঠনটোৱে দাবী জনায়। অন্যথা ৰাইজৰ সহযোগত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

Exit mobile version