Govt. School Land Encroachment in Ghograpar:ঘগ্ৰাপাৰৰ ছটো আল্লিয়াত চৰকাৰী বিদ্যালয়ৰ ভূমিত ৯ খনকৈ অবৈধ দোকান স্থাপনক লৈ ক্ষোভিত ৰাইজ

কাৰ আশীৰ্বাদপুষ্ট চৰকাৰী বিদ্যালয়ৰ ভূমিত অবৈধ ব্যৱসায় প্ৰতিষ্ঠান চলাই আহিছে

news

Govt. School Land Encroachment in Ghograpar:

ঘগ্ৰাপাৰত এখন চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখল ঘগ্ৰাপাৰত । নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ছটো আল্লিয়া মিলন প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ৯ খনকৈ অবৈধ ব্যৱসায় প্ৰতিষ্ঠান দীৰ্ঘদিন চলাই আহিছে ।

বিগত দিনত উৰ্ধতম কতৃপক্ষক ব্যৱসায় প্ৰতিষ্ঠান কেইখনৰ উচ্ছেদৰ দাবী জনাই আহিছিল যদিও আজি পৰ্যন্ত কোনো ধৰনৰ ব্যৱস্থা নলোৱাত ৰাইজ ৰাজপথলৈ ওলাই আহি অতি সোনকালেই এইসমূহ অবৈধ দোকান উচ্ছেদ কৰাৰ বাবে নলবাৰী জিলা প্ৰশাসনক দাবী জনাই।

উল্লেখ্য যে ১৯৭৬ চনতে স্থাপিত ছটো আল্লিয়া মিলন প্ৰাথমিক বিদ্যালয়ত বৰ্তমানে প্ৰায় তিনিশৰো অধিক ছাত্ৰ-ছাত্ৰী থকাত শৈক্ষিক পৰিবেশৰ লগতে খেলাধূলা কৰাৰ ক্ষেত্ৰত এই অবৈধ ৯ দোকানে হেঙাৰ হিচাপে থিয় দি আহিছে। যাৰ বাবে আজি কণ,কণ ছাত্ৰ -ছাত্ৰী অভিভাৱকৰ লগত স্থানীয় বজাৰ কমিটী ক্ষোভিত হৈ পৰিছে।

Exit mobile version