Edd:ঈদ-উল-আজহা উপলক্ষে বিএছএফ আৰু বাংলাদেশৰ সীমান্ত ৰক্ষী বিজিবি মাজত মিঠাই আৰু শুভেচ্ছা বিনিময়

edd

Edd:

সমগ্ৰ বিশ্বতে আজি ইছলামধৰ্মী লোকসকলে উদযাপন কৰে ঈদ-উল-আজহা। অসমতো প্ৰতিকুল বতৰকো নিওচি বিভিন্ন ঈদগাহসমূহত সোমবাৰে সমূহীয়া ঈদ উল আজাহাৰ নামাজ আদায় কৰা হয়।

গুৱাহাটী সহ কেতবোৰ স্থানত কিনকিনিয়া বৰষুণ দি থকাৰ বাবে ঈদগ্ৰাহৰ পৰিৱৰ্তে মছজিদতো সমহীয়া নামাজ অনুষ্ঠিত হয় ৷ আনহাতে,ঈদ উল আজাহাৰ উপলক্ষে সোমবাৰে সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্ত ৰক্ষী বিজিবি মাজত মিঠাই বিনিময়ৰে ঈদৰ শুভেচ্ছা দিয়ে ৷

উল্লেখ্য যে,বৰাক উপত্যকাৰ কাছাৰ ফ্ৰন্টিয়াৰৰ অধীনত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কাছাৰ, কৰিমগঞ্জ আৰু চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ বাংলা সীমান্তত সদা জাগ্ৰত প্ৰহৰী ৰূপে নিয়োজিত বিএছ এফৰ জোৱানসকলে ঈদ উল আজাহাৰ উপলক্ষে বিজিবিৰ জোৱানসকলৰ হাতত মিঠাইৰ টোপোলা উপহাৰস্বৰূপে তুলি দিয়াৰ বিপৰীতে বাংলাদেশৰ বিজিবিয়েও বিএছ এফৰ জোৱানসকলৰ হাতত উপহাৰৰূপে প্ৰদান কৰে মিঠাইৰ টোপোলা আৰু লগতে পৰস্পৰে পৰস্পৰক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।

Exit mobile version