North Korean leader Kim Jong-un gave Russian President Vladimir Putin a Return Gift:ৰিটাৰ্ণ গিফ্ট’ হিচাপে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক কি দিলে উত্তৰ কোৰিয়াৰ শাসক কীমে ?

kimputin

North Korean leader Kim Jong-un gave Russian President Vladimir Putin a Return Gift:

উত্তৰ কোৰিয়া আৰু ৰাছিয়াৰ শেহতীয়া বন্ধুত্বই আমেৰিকা আৰু ইউৰোপসহ কে’বাখনো দেশৰ নিদ্ৰাহৰণ কৰিছিল। উত্তৰ কোৰিয়া ভ্রমণসূচীৰে অলপতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে পিয়ংইয়ঙত উপস্থিত হৈছিল। দুদিনীয়া ভ্রমণৰ অন্তত পুটিন পুনৰ ৰাছিয়ালৈ উভতি আহে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনক এখন বিলাসী গাড়ী উপহাৰ দিছিল। ৰুছ ৰাষ্ট্ৰপতিৰ পৰা উক্ত উপহাৰ স্বীকাৰ কৰাৰ পাছত পুটিনক বিদায়ৰ সময়ত এক ‘ৰিটার্ণ গিফট’ আগবঢ়ালে। কীমে পুটিনক উপহাৰ হিচাপে দিলে এক বিশেষ প্রজাতিৰ কুকুৰ। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ কেচিএনএৰ সূত্রই সদৰী কৰা অনুসৰি, কীমে পুংগছন প্রজাতিৰ কুকুৰ ৰছ ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে।

উল্লেখ্য যে পুংগছন প্ৰজাতিৰ কুকুৰ কেৱল উত্তৰ কোৰিয়াতহে আছে। এই প্ৰজাতিৰ কুকুৰ অতি উগ্ৰ আৰু চিকাৰী স্বভাৱৰ হয়। কোৰিয়াবাসীয়ে প্ৰাচীন কালৰে পৰা এই প্রজাতিৰ কুকুৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু চিকাৰ কৰিছিল। এনে কুকুৰ প্রতিপালন কৰাৰ বাবেও গৰাকীয়ে যথেষ্ট ৷

Exit mobile version