Puri Jagannath Temple:খোল খাব পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দ্বাৰ

jaganath temple

Puri Jagannath Temple:

কেতিয়া খোল খাব পুৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ ? ইয়াকে লৈ ইমানদিনে অব্যাহত থকা জল্পনাৰ অৱসান ঘটিল। জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ খোলা হ’ব অহা আঠ জুলাইত।

ADVERTISEMENT

এই কথা সদৰী কৰিলে আর্কিঅ’লজিকেল ছার্ভে অব ইণ্ডিয়াৰ ছুপাৰ ডি বি গৰনায়কে। সংবাদ মাধ্যমত গৰনায়কে সদৰী কৰা অনুসৰি, ক’ৰ কমিটী আৰু টেকনিকেল কমিটীৰ উপস্থিতিত জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ মুকলি কৰা হ’ব আঠ জুলাইত।

পুৰীৰ জগন্নাথ মন্দিৰৰ সাতটা ঘৰ আছে। এই সাতটা ঘৰকে ৰত্ন ভাণ্ডাৰ হিচাপে জনা যায়। মন্দিৰলৈ অহা ভক্তই যিসমূহ স্বর্ণ দান কৰে, সেয়া উক্ত ৰত্ন ভাণ্ডাৰত সংৰক্ষণ কৰি ৰখা হয়।

১৯৭৮ বৰ্ষৰ পৰা এই ৰত্ন ভাণ্ডাৰ বন্ধ হৈ আছে। এই ৰত্ন ভাণ্ডাৰৰ কোনো অডিটো কৰা হোৱা নাই। ওড়িছাৰ সদ্যসমাপ্ত বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰত বিজেপিয়ে এই ৰত্ন ভাণ্ডাৰ মুকলি কৰাৰ প্ৰতিশ্রুতি দিছিল। উক্ত প্রতিশ্রুতি ৰক্ষা কৰিয়ে অহা আঠ জুলাইত জগন্নাথ মন্দিৰৰ বহু চৰ্চিত ৰত্ন ভাণ্ডাৰ মুকলি কৰাৰ দিন ধার্য কৰা হৈছে।

Exit mobile version