Shinde wants 100 seats in Maharashtra:মহাৰাষ্ট্ৰত ১০০ আসন বিচাৰি হুংকাৰ শিণ্ডেৰ

বিব্ৰত ৰাজ্যিক বিজেপি

eknaths shindhe

Shinde wants 100 seats in Maharashtra:

মহাৰাষ্ট্ৰত লোকসভাৰ নিৰ্বাচনত বৰ্তমানৰ শাসক দলৰ মৰ্চাৰ হৈ বিজেপিয়ে ২৮ আৰু একনাথ শিণ্ডেৰ শিৱসেনাই ১৫ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। নির্বাচনৰ ফলাফলত বিজেপিয়ে ন আৰু শিণ্ডেৰ সেনাই সাত সমষ্টিত জয়লাভ কৰে।

এনচিপিয়ে লাভ কৰিলে মাত্র এক সমষ্টি। লোকসভাৰ এই ফলাফলৰ নিৰিখত শিণ্ডে শিবিৰে মহাৰাষ্ট্ৰ বিধানসভাৰ আসন্ন নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে মৰ্চাৰ পৰা সর্বাধিক সংখ্যক আসন দাবী কৰিছে।

শিণ্ডে শিবিৰৰ দাবী অনুসৰি লোকসভাৰ ফলাফলৰ নিৰিখত শিণ্ডে সেনাই কমেও ১০০ সমষ্টিত প্রতিদ্বন্দ্বিতাৰ সুযোগ লাভ কৰা উচিত। শিণ্ডে শিবিৰৰ এই দাবীয়ে স্বাভাৱিকতে মৰ্চাৰ সংগী বিজেপিক বিব্রত কৰিছে। মহাৰাষ্ট্ৰৰ বিধানসভাত মুঠ আসনৰ সংখ্যা ২৮৮ খন।

২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে ১৫২ আৰু উদ্ধৱ থাকৰে নেতৃত্বাধীন অবিভক্ত শিবসেনাই ১২৪ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল।

Exit mobile version