State BJP is busy with By- Elections in five Constituencies:পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি

state bjp office

State BJP is busy with By- Elections in five Constituencies:

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি ৷ বাজপায়ী ভৱনত উপ- নিৰ্বাচনক লৈ ব্যাপক ৰণকৌশল প্ৰস্তুত ৷ দিপ্লু ৰঞ্জন শৰ্মাক পাঁচ সমষ্টিৰ আহ্বায়কৰ দায়িত্ব দিয়াৰ বিপৰীতে তিনিজনকৈ বিধায়ক – নেতাক প্ৰতি সমষ্টিৰ দায়িত্ব অৰ্পণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই

চিদলী বিধানসভা সমষ্টিৰ বাবে বিধায়ক তথা ৰাজ্যিক সম্পাদক অজয় ৰায়,বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাজীব ব্রহ্ম,ৰাজ্যিক কার্যনির্বাহক সদস্য বিভূতি বৰগয়াৰী দায়িত্ব ৷

বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনি বায় চৰকাৰ, ৰাজ্যিক কার্যনির্বাহক সদস্য বনদীপ ডেকা আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ দেক দায়িত্ব ৷ আনহাতে চামগুৰি বিধানসভা সমষ্টিৰ বাবে বিধায়ক জিতু গোস্বামী,ৰাজ্যিক কার্যনির্বাহক সদস্যদ্বয় ক্ৰমে অনিল শইকীয়া আৰু মহেন্দ্ৰ কোঁৱৰক দায়িত্ব ৷

একেদৰে ধলাই বিধানসভা সমষ্টিৰ বাবে বিধায়ক কৌশিক ৰায়, ৰাজ্যিক সম্পাদক কণাড পুৰকায়স্থ, কাছাৰ জিলা বিজেপিৰ সম্পাদক শশাংক পালক দায়িত্ব ৷

বিহালী বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দুলেন নায়ক, বিধায়কদ্বয় দিগন্ত কলিতা আৰু বিধায়ক ভুবন পেগুক দায়িত্ব ৷

Exit mobile version