105-year-old Woman earns Master’s Degree:সাধনাৰ চমক: ১০৫ বছৰ বয়সত মহিলাই অৰ্জন কৰিলে স্নাতকোত্তৰ ডিগ্রী

usa99

105-year-old Woman earns Master’s Degree:

মানুহৰ মনোবল অটুট থাকিলে আৰু সাধনা অব্যাহত থাকিলে যিকোনো বয়সতে মনৰ ইচ্ছা পূৰণ কৰিব পাৰে। ইয়াৰে এক শেহতীয়া উদাহৰণ হৈছে আমেৰিকাৰ এগৰাকী ১০৫ বছৰ বয়সীয়া মহিলা।

কলেজৰ পঢ়া-শুনা আধৰুৱা হৈ ৰ’লে বহুতে সেয়া সম্পূর্ণ নকৰে। কিন্তু আমেৰিকাৰ এগৰাকী মহিলাই আধৰুৱা শৈক্ষিক জীৱন অৱশেষত সম্পূর্ণ কৰিলে ১০৫ বছৰ বয়সত। শতায়ু হোৱাৰ পাছত এই মহিলাই ‘বিশ্ববিদ্যালয়ব পৰা লাভ কৰিলে পরৰম আকাংক্ষিত স্নাতকোত্তৰ ডিগ্রী। ৮০ বছৰ পূৰ্বে এই মহিলাই শিক্ষাজীৱন আধৰুৱাকৈ এৰিছিল। কিন্তু ১০৫ বছৰ বয়সত তেওঁ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ল।

আমেৰিকাত ভার্জিনিয়াৰ নিবাসী গিনী হিহল’পে স্টেনফ’র্ড গ্রেজুয়েট স্কুল অৱ এডুকেচন (জিএছই)ৰ পৰা ৮০ বছৰ পাছত নিজৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ১৯৪০ৰ দশকত গিনীয়ে জিএছইত নামভর্তি কৰিছিল। তেওঁ পাঠ্যক্রম প্রায় সম্পূর্ণ কৰিছিল, কিন্তু অন্তিম থিছিছ জমা দিয়াৰ পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ তেওঁৰ ডিগ্রী গ্ৰহণৰ প্ৰক্ৰিয়া ব্যাহত হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছত গিনীৰ প্ৰেমিক জর্জ হিছল’পৰ স’তে বিবাহ হৈছিল। বিবাহৰ পাছত গিনীয়ে শিক্ষাজীৱন ত্যাগ কৰিছিল। ইয়াব পাছত বিগত ৮০ বছৰে পঢ়া-শুনাৰ পৰা সম্পূর্ণ আঁতৰি আছিল গিনী। কিন্তু ২০২৪ৰ ১৬ জুনত ১০৫ বছৰ বয়সত গিনীয়ে কলা শাখাত স্নাতকোত্তৰ ডিগ্রী উক্ত বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিলে।

গিনীৰ পৰিয়ালত দুটি সন্তান, চাৰিটা নাতি আৰু নটা আজো নাতি আছে। ১০৫ বছৰ বয়সত বিশ্ববিদ্যালয়ৰ ডিগ্রী লাভৰ জৰিয়তে গিনীয়ে এক অভিলেখ সৃষ্টি কৰিলে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে গিনীক তেওঁৰ আগ্রহ, উদ্যম আৰু একাগ্ৰতাৰ বাবে বিশেষভাবে প্রশংসা কৰিছে।

Exit mobile version