অসমৰ অধিকাংশ যুৱক-যুৱতীয়েই কর্মবিমুখ তথা নিষ্কর্মা বুলি সততে উত্থাপিত অভিযােগক নিজ কর্মৰ জৰিয়তেই নস্যাৎ কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে। তেওঁ দুটাকৈ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।
তদুপৰি কলকাতাত লাইট মিউজিক বিষয়ত চাৰিবছৰীয়া শিক্ষাও গ্রহণ কৰিছে উচ্চ শিক্ষাৰে শিক্ষিত হৈ যুৱতীগৰাকীয়ে চৰকাৰী চাকৰি পাছত দৌৰি সময় অপব্যয় নকৰি নগাঁও চহৰত নিচেই সাধাৰণ এখন ৰেষ্টুৰেন্টৰেই স্বাৱলম্বিতাৰ বাট বুলিছে। এতিয়া আন দহগৰাকী শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে আদর্শস্বৰূপ হৈ পৰিছে যুৱতী গৰাকী।
আনকি একাংশ কর্মবিমুখ- নিষ্কর্মা লােকেও কর্মপ্রেৰণা লাভ কৰিছে যুৱতীগৰাকীৰ পৰা। আদর্শবান এই যুৱতীগৰাকীৰ নাম ইন্দুশ্রী কলিতা। তেওঁৰ ঘৰ নগাঁও জিলাৰ পুৰণিগুদামৰ নামপানী গাঁৱত।
দুটি বিষয়ত স্নাতকোত্তৰ যুৱতীগৰাকী এতিয়া বাটৰ চাহৰ গৰাকী। য’ত তেওঁ নিজেই খাদ্য প্রস্তুত কৰে, নিজেই গ্রাহকক পৰিৱেশন কৰে। নগাঁও চহৰৰ মাজমজিয়াত উচ্চ শিক্ষাৰে শিক্ষিত যুৱতীগৰাকীয়ে আৰম্ভ কৰা স্বনিৰ্ভৰশীল যাত্রা সমাজৰ বাবে নিদর্শন হৈ পৰিছে।
নগাঁৱত সুগায়িকা হিচাপেও সুনাম আছে। এই যুৱতীগৰাকীৰ। নিতৌ পুৱাই ‘বাটৰ চাহ’ত উপস্থিত হয় যুৱতীগৰাকী। পিতৃ-মাতৃৰ চকুৰ মনি এই যুৱতীগৰাকীয়ে হাতত মােনা লৈ বজাৰলৈ যায়।
বজাৰ কৰি অনা সামগ্ৰীৰে বিভিন্ন সুস্বাদু খাদ্য প্রস্তুত কৰি গ্ৰাহকক আপ্যায়ন কৰিবলৈ ‘বাটৰ চাহ’ক সাজু কৰে । অতি সাহসেৰে নিশা লৈকে খােলা ৰাখে ‘বাটৰ চাহ’ক। নগাঁও চহৰৰ চামগুৰি বাছ আস্থানৰ ইক’ গেছৰ ওচৰতে আছে এই বাটৰ চাহ’ নামৰ সৰু প্রতিষ্ঠানটি।
বাটৰ চাহ এখনি সৰু ৰেষ্টুৰেন্ট। থলুৱা ভাজত কম ব্যয়ত সজ্জিত কৰা হৈছে বাটৰ চাহক। সুন্দৰকৈ একাপ চাহ খাবলৈ যুৱতীগৰাকীৰ বাটৰ চাহত এতিয়া ভিৰ বাঢ়িছে বিভিন্নজনৰ। চাহিদা অনুসৰি গ্ৰাহকৰ বাবে পৰঠা, ৰুটিকে ধৰি অন্যান্য খাদ্য প্রস্তুত কৰে যুৱতীগৰাকীয়ে।
অসমীয়া ভাষা আৰু সাহিত্য বিষয়ত পৃথকে পৃথকে স্নাতকোত্তৰ ডিগ্রী লৈ বাটৰ চাহ আৰম্ভ কৰা ইন্দুশ্রী কলিতাই ঘৰৰ পৰা ১৪ কিলােমিটাৰ দূৰৈৰ নগাঁও চহৰত দোকান ভাড়াত লৈ বাটৰ চাহ’ৰে ব্যৱসায় আৰম্ভ কৰি যথেষ্ট সুখী। তেওঁৰ পিতৃ এজন শিক্ষক।
ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছে। ইন্দুশ্রীৰ আৰু আছে শিক্ষা গ্রহণৰ হাবিয়াস। তাৰ মাজতে যুৱতীগৰাকীয়ে আৰম্ভ কৰা বাটৰ চাহে ক্রমে জনপ্রিয়তা লাভ কৰিছে। বাটৰ চাহত ইন্দুশ্ৰীৰ কথা পাতিবলৈ এতিয়া সময় নাথাকে গ্রাহকৰ ভিৰ।
ৰন্ধন প্রকৰণ কৰি আপ্যায়ন কৰিব লাগে। হাঁহিমুখৰ ইন্দুশ্রীয়ে অবসাদহীনভাৱে এতিয়া চলাই গৈছে বাটৰ চাহক। এগৰাকী যুৱতীয়ে গাঁৱৰ পৰা আহি চহৰত চাহৰ দোকান দি স্বনির্ভশীল হ’বলৈ ব্যৱসায় আৰম্ভ কৰা এই কার্য আদৰণীয়। ইফালে, ইন্দুশ্রীৰ এই প্রচেষ্টাক আদৰণি জনাইছে চামগুৰি বাছ আস্থানৰ পূৰ্বৰ ব্যৱসায়ীসকলে। উচ্চ শিক্ষিতা ইন্দুশ্রী কলিতাক স্থানীয় ব্যৱসায়ীয়ে প্রতিপলে খবৰ লৈ থাকে বুলি জানিব পৰা গৈছে।






























