Mandal arrested on charges of fraudulently selling government Land:চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ মণ্ডল

হোজাইৰ পৰা গ্ৰেপ্তাৰ ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইনক, গ্ৰেপ্তাৰ মাটিৰ দালাল জয়শংকৰ হাজৰিকাকো

MANDAL ARRESTED

Mandal Arrested on charges of fraudulently selling government Land:

চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন মণ্ডল ৷ ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইনক ডিব্ৰুগড় বৰবৰুৱা আৰক্ষীয়ে হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰে মণ্ডলজনক ৷ আনহাতে ইতিমধ্যেই আৰক্ষীয়ে এই জালিয়াতিৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে জয়শংকৰ হাজৰিকা নামৰ এজন মাটিৰ দালালক ৷

উল্লেখ্য যে,আটকাধীন মণ্ডল মুক্তিয়াৰ হুছেইনে ডিব্ৰুগড়ৰ বগীবিল অঞ্চলৰ প্ৰায় ১৩০০ বিঘা চৰকাৰী ভূমি জালিয়াতিৰে বিক্ৰী কৰি চৰকাৰী ধন অত্মসাৎ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ ইতিমধ্যে মণ্ডলজনৰ এই জালিয়াতি জিলা প্ৰশাসনে পোহৰলৈ অনাৰ পাছতে তৎপৰ হৈ পৰে ডিব্ৰুগড় আৰক্ষী ৷ অৱশেষত আজি ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইনক  গ্ৰেপ্তাৰ কৰে।

Exit mobile version