Robbers snatched a gold chain from a woman’s neck:মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত

মহিলাৰ ডিঙিৰ পৰা থপীয়াই নিলে সোণৰ চেইন

noonmati

Robbers snatched a gold chain from a woman’s neck:

মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্রাস। দিনদুপৰতে চিলনী চোৰে মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন ৷

মহানগৰী নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াত নিজ সন্তানক স্কুলত থৈ গৃহাভিমুখী হোৱা পথত এগৰাকী মহিলাক বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে ডিঙিৰ পৰা টানি নিয়ে সোনৰ চেইন ৷ ইতিমধ্যে ভূক্তভোগী মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ ৷

উল্লেখ্য যে,চিলনী চোৰে মহানগৰীত ইটোৰ পাছত সিটোকৈ সোনৰ চেইন কাঢ়ি নিয়া ঘটনা সংঘটিত কৰি আহিছে যদিও এইক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ সময়োচিত ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ৷

Exit mobile version