Brutal Murder in Mariani:মৰিয়নিত লোমহৰ্ষক হত্যাকাণ্ড

পত্নীয়ে দাৰে ঘপিয়াই শিৰশ্ছেদ কৰিলে স্বামী সুজিত দাসক, ঘাতক পত্নী লক্ষীমণি দাসৰ আত্মসমৰ্পণ মৰিয়ণি থানাত

mariani incident

Brutal Murder in Mariani:

মৰিয়নিত লোমহৰ্ষক হত্যাকাণ্ড। পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি ৷ পত্নীয়ে শিৰশ্ছেদ কৰিলে স্বামীক। পত্নীৰ দাৰ ঘাপত নিহত সুজিত ৰবিদাস।

এই নৃশংস ঘটনা সংঘটিত হয় মৰিয়নিৰ শিলিখা চাহ বাগিচাৰ ১১ নং লাইনত ৷ সুজিত ৰবিদাস নামৰ শ্ৰমিকজনে প্ৰায়ে সুৰামত্ত হৈ আহি প্ৰায়ে পত্নী লক্ষীমণি দাসৰ স’তে কাজিয়া লগাৰ লগতে মাৰধৰ কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

অন্য দিনৰ দৰে আজি পুৱাতে সুজিত দাসে সুৰাপান কৰি আহি লক্ষীমণিৰ স’তে তৰ্কবিতৰ্ক কৰাৰ মাজতে মাৰধৰ কৰে  ৷ হিতাহিত হেৰুৱাই লক্ষীমণিয়ে সুজিতক দাৰে শিৰশ্ছেদ কৰে ৷ থিতাতে প্ৰাণ যায় সুজিতৰ ৷ আনহাতে এই নৃশংসকাণ্ড সংঘটিতৰ পাছতে লক্ষীমণি দাসে আত্মসমৰ্পণ কৰে মৰিয়নি থানাত ৷

Exit mobile version